IPL 2023 : আইপিএলত প্ৰথম উইকেট তেণ্ডুলকাৰৰ ! পুত্ৰ অৰ্জুনক লৈ কি ক’লে শচীনে ?

1681639712 arjun tendulkar mi 1632918329048 1653129023607 1

IPL 2023 :

 আই পি এলত প্ৰথম উইকেট লাভ কৰিলে পুত্ৰই । কেৱল সেয়াই নহয়, শেষ অভাৰত বলিং কৰি দলক জয়ী কৰিলে অৰ্জুন তেণ্ডুলকাৰে

পুত্ৰৰ কৃতিত্ব ড্ৰেছিং ৰুমত বহি চালে শচীনে । খেলৰ পাছত পুত্ৰক প্ৰশংসা কৰিলে শচীনে । আনহাতে, পিতৃৰ স’তে খেলাক লৈ কি আলোচনা হয় সেই কথা জনাইছে অৰ্জুনে ।

খেলৰ পাছত টুইট কৰি সমগ্ৰ মুম্বাই ইণ্ডিয়ানছ দলটোক অভিনন্দন জনায় শচীনে। তেওঁ লিখে , “মুম্বাই ইণ্ডিয়ানছৰ দুৰ্দান্ত প্ৰদৰ্শন। বেট আৰু বলৰ জৰিয়তে চকু কপালত তুলিছে কেমেৰন গ্ৰীনে। ঈশান আৰু তিলকে ভাল বেটিং কৰিছে। আই পি এল প্ৰতিদিনে অধিক ৰোমাঞ্চকৰ হৈ আহিছে। আৰু শেষত তেণ্ডুলকাৰে আই পি এলত এটা উইকেট লাভ কৰে। ”

অৰ্জুনে আই পি এলত মাত্ৰ পাঁচ অভাৰ বল কৰিছে। তেওঁ নতুন বলৰ স’তে চাৰি অভাৰৰ লগতে পুৰণি বলৰ স’তে এক অভাৰ বল কৰিছে আৰু তেওঁ পুৰণি বলটোত উইকেট লয়।

অৰ্জুনে কয় ,” মই বল বলিং কৰি ভাল পাওঁ অধিনায়কে যি পৰিস্থিতিত মোক বল কৰিবলৈ কয় মই সাজু । মই কেৱল মোৰ পৰিকল্পনা অনুসৰি বল কৰিবলৈ চেষ্টা কৰোঁ। ”

পিতৃৰ স’তে কেনেদৰে খেলাৰ কথা আলোচনা কৰে সেই বিষয়েও অৰ্জুনে জনাই। তেওঁ কয়,” দেউতাই ক্ৰিকেটৰ কথা কয়। আমি খেলৰ আগতে আলোচনা কৰোঁ। দেউতাই কয় খেলপথাৰত অনুশীলনত যিদৰে বলিং কৰোঁ তেনেদৰেই খেলতো বল কৰিবলৈ কয়। মই কেৱল বলটো দিয়াৰ ওপৰত গুৰুত্ব দিওঁ। যদি বলটো চুইং হয়, সেয়া ঠিকে আছে। অন্যথা, মই ৰাণ নোহোৱাৰ চেষ্টা কৰোঁ। ”

Exit mobile version