TMC supremo Mamata Banerjee says her party will not change the name : নাম সলনি নকৰে তৃণমুলে

download 1 2

TMC supremo Mamata Banerjee says her party will not change the name :

তৃণমূল কংগ্ৰেছৰ মূৰব্বী মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ দলে নাম সলনি নকৰে। তেঁও আগ্ৰাসী সুৰত কয় যে তৃণমূল অল ইণ্ডিয়া পাৰ্টি হৈয়ে থাকিব, দলৰ নাম সলনি নহ’ব। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰে যে তৃণমূলে নেচনেল পাৰ্টিৰ খিতাপ হেৰুৱালেও দলটো সৰ্বভাৰতীয় আছিল, আছে আৰু থাকিব। এই প্ৰসংগত তেওঁ বিজেপিকো আক্ৰমণ কৰে।

বুধবাৰে সংবাদমেলত তেওঁ জনায় যে ‘অল ইণ্ডিয়া’ শব্দটো তৃণমূলৰ লগত যিদৰে আছে তেনেদৰেই থাকিব।তৃণমূল কংগ্ৰেছ এটা জাতীয় দল আছিল, আছে আৰু হ’ব। শেহতীয়াকৈ বংগৰ শাসকীয় দলে ৰাষ্ট্ৰীয় দলৰ খিতাপ হেৰুৱাই বিৰোধীৰ ঠাট্টা-মস্কৰাৰ সন্মুখীন হোৱাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

যদি কোনো এটা দলে জাতীয় দলৰ মৰ্যাদা হেৰুৱাই পেলায় তেন্তে নাম সলনি কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। কিন্তু তৃণমূলক আক্ৰমণ কৰি বিজেপিয়ে নাম সলনি কৰিলে। বিৰোধী দলপতি সুবেন্দু অধিকাৰীকে ধৰি বহুতে এআইটিচি (অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ)ক এতিয়া ‘এবিটিচি’ (অল বেংগল তৃণমূল কংগ্ৰেছ) হোৱা বুলি আক্ৰমণ কৰে।

এইবাৰ প্ৰথমবাৰৰ বাবে মুখ মেলিলে মমতাই। ক’লে- আমি কাৰো দয়াত সৰ্বভাৰতীয় দল হোৱা নাছিলো। আমি আছিলোঁ, আৰু হৈ থাকিম সৰ্বভাৰতীয় দল। দলটোৰ নাম আছিল আৰু থাকিব অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ।

কেন্দ্ৰীয় চৰকাৰক তেওঁ ক’লে, “নিৰ্বাচন আয়োগৰ মানে আপুনি যি বিচাৰে তাকে কৰিব পাৰে নেকি?” নিয়মে কি কয়? ১০ বছৰৰ পিছত পুনৰীক্ষণ কৰক। শেষবাৰৰ বাবে ২০১৬ চনত ইয়াৰ পৰ্যালোচনা কৰা হৈছিল। সেই হিচাপে আমাৰ হাতত ২০২৬ চনলৈকে সময় থকা উচিত। অন্ততঃ ২০২৪ চনলৈকে সময় থাকিব লাগিছিল।’

অৱশ্যে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা হেৰুওৱাৰ সন্দৰ্ভত অধিসূচনাত আয়োগে কয় যে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত তৃণমূল নেচনেল পাৰ্টিৰৰাষ্ট্ৰীয় মৰ্যাদা দিয়া হৈছিল যদিও ২০১৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। বুধবাৰে মমতাই কয় যে বিজেপিয়ে নিৰ্বাচন আয়োগক যি বিচাৰে তাকে কৰিবলৈ দিয়ক। আমি ৰাইজৰ ওচৰলৈ গৈ ন্যায় বিচাৰিম।

Exit mobile version