Kaziranga Hitech Sensor Cemera:ধন নাপাই অসম এৰিলে হায়দাবাদৰ কেমেৰা সংস্থাপনকাৰী সংস্থা

বন্যপ্ৰাণীৰ প্ৰাণৰ শংকা, কাজিৰঙাৰ ৰাজপথত বন্যকুলৰ সুৰক্ষাত ব্যৱহৃত ছেঞ্চৰ কেমেৰা বিকল

WhatsApp Image 2023 04 21 at 6.41.59 PM

Kaziranga Hitech Sensor Cemera:

বন্যপ্ৰাণীৰ প্ৰাণৰ প্ৰতি শংকা নামি আহিছে কাজিৰঙাৰ ৰাজপথত। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ ৰাজপথৰ এনিমেল কৰিড’ৰত গতিবিধি নিয়ন্ত্রণত ব্যবহৃত সকলোবোৰ হাইট্ৰেক কেমেৰা বিকল হৈ পৰিছে।

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ধনৰ অভাৱত বিকল হৈ পৰিছে এই চেঞ্চৰ কেমেৰাসমূহ। ইয়াৰ লগে লগে বগা হাতীত পৰিণত হৈছে কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডিজিটেল স্পীড মনিটৰিং ব্যবস্থা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কলিয়াবৰ মহকুমাৰ কাঞ্চনজুৰি, হালধিবাৰী আৰু পানবাৰীৰ এনিমেল কৰিডৰত বন বিভাগে স্থাপন কৰা ছেঞ্চৰ কেমেৰা সংলগ্ন যান-বাহনৰ গতি নিৰীক্ষণ ব্যৱস্থাৰ মৃতপ্রায় অৱস্থাৰ বাবে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাৰ ৰাজপথত

উল্লেখ্য যে, এনিমেল কৰিড’ৰসমূহত যান-বাহনৰ গতি প্রতি ঘন্টাত সৰ্বোচ্চ ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি বন বিভাগে গতি নিৰীক্ষণ কৰাৰ বাবে প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে ২০১৮ত স্থাপন কৰিছিল ছটাকৈ ছেঞ্চৰ কেমেৰা।

এই কেমেৰা স্থাপনৰ পাছত কিছু নিয়ন্ত্ৰণলৈ আহিছিল যান-বাহনৰ গতিবেগ। কিন্তু এই স্পীড মণিটৰিং’ ব্যৱস্থা এতিয়া সম্পূৰ্ণৰূপে বিকল হৈ পৰাৰ বাবেই অধিক সংখ্যক যান-বাহনৰ গতিবেগ পুনৰ নিয়ন্ত্ৰণ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ মতে, পথছোৱাত সংঘটিত বহু দুৰ্ঘটনা কেমেৰাত বন্দী হোৱাৰ বাবে তদন্তৰ সুবিধা হৈছিল বনবিভাগৰ। গতিবেগ নিয়ন্ত্ৰণৰ ফলত প্ৰাণ ৰক্ষা পৰিছিল বন্যপ্ৰাণীৰ। কিন্তু এতিয়া কেমেৰা বিকলৰ ফলত এক ভয়ানক অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথত।

তদুপৰি কৰিড’ৰ অঞ্চলত বিভিন্ন সময়ত ৰখাই থোৱা যানবাহনৰ ক্ষেত্ৰতো বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনাইছে সমাজ সচেতন লোকসকলে।

জানিব পৰা মতে, অপ্টিকেল কেমেৰা, থামেল কেমেৰা, স্পীড ছেঞ্চৰ, স্পীড ৰিডাৰকে ধৰি ২১ প্রকাৰৰ বিভিন্ন ডিজিটেল যন্ত্রাংশ স্থাপন কৰিছিল ডিথিলজিক নামৰ হাইদৰাবাদৰ কোম্পানীয়ে।

২০১৮তে সম্পন্ন হৈছিল এই কাম। তেতিয়াৰে পৰা পাঁচজনকৈ কৰ্মচাৰীয়ে চোৱাচিতা কৰিছিল এইসমূহ কেমেৰা। কিন্তু উদ্যান কর্তৃপক্ষই ধন দিব নোৱাৰাত এইসকল কৰ্মচাৰীয়ে দৰমহা নাপাই উভতি যোৱা বুলি জানিব পৰা গৈছে। ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।

Exit mobile version