Nepal Flight Catches Fire : মাজ আকাশত দাউ দাউকৈ জ্বলি উঠিল বিমান ! তাৰ পাছত ?

flight 1682354604

Nepal Flight Catches Fire :

বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু ক্ষণৰ ভিতৰতে দাউ দাউকৈ জুই জ্বলি উঠে নেপালৰ পৰা ডুবাইগামী ‘ ফ্লাই ডুবাই ‘ বিমানৰ ইঞ্জিন ।

বিমানখনে সোমবাৰে পুৱা নেপালৰ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ১৫০ তকৈও অধিক যাত্ৰীৰ স’তে উৰা মাৰিছিল।

কিন্তু উৰণ আৰম্ভ হোৱাৰ অলপ পাছতেই বিমানখনৰ এটা ইঞ্জিনত জুইৰ শিখা লক্ষ্য কৰা যায় আৰু খন্তেকতে বিয়পি পৰে জুই ।সংবাদ সংস্থা পিটিআইয়ে জনাইছে, বিমানখনত ৫০ জন নেপালী যাত্ৰী সহ মুঠ ১৫০ জনৰো অধিক যাত্ৰী আছিল ।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে কাঠমাণ্ডুৰ আকাশত তেঁওলোকে বিমানত জুই লগা প্ৰত্যক্ষ কৰে । সেই ঘটনাটোৰ এটা ভিডিঅ’ও ইতিম্যেই পোহৰলৈ আহিছে।

https://help.twitter.com/en/twitter-for-websites-ads-info-and-privacy

প্ৰাথমিকভাৱে পিটিআইয়ে জনাইছে যে বিমানখনে বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল। যিকোনো দুৰ্যোগ নিয়ন্ত্ৰণ কৰিবলৈ অগ্নি নিৰ্বাপক ইঞ্জিনবোৰো তৈয়াৰী ৰখা হৈছিল ।

অৱশ্যে, নেপালৰ অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰকে এক বিবৃতিত কয় যে পাইলটজনে কিছু সময়ৰ বাবে জ্বলন্ত ইঞ্জিনটো বন্ধ কৰি দিছিল আৰু আন এটা ইঞ্জিনৰ সহায়ত গন্তব্যস্থানলৈ যোৱাৰ সিদ্ধান্ত লয়।

পাছত নেপালৰ সংস্কৃতি, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী চুদান কিৰাটিয়ে তেওঁৰ ফেচবুক একাউণ্টত পোষ্ট কৰে যে বিমানখন সুৰক্ষিতভাৱে ইয়াৰ গন্তব্যস্থানৰ ফালে গৈ আছে আৰু পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে।

কিছুমাহৰ আগতে, এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ সাক্ষী হৈ ৰৈছিল নেপাল । ১৫ জানুৱাৰীত কাঠমাণ্ডুৰ পৰা পোখৰালৈ যোৱাৰ পথত অৱতৰণ কৰাৰ কেইছেকেণ্ডমানৰ আগতে ৭২ জন যাত্ৰী কঢ়িয়াই অনা ইয়েটি এয়াৰলাইনছৰ এটিআৰ-৭২ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।মধ্য বতাহত, বিমানখনে লাহে লাহে নিয়ন্ত্ৰণ হেৰুৱাই যাৰ ফলত ঘটনাটোত পাঁচজন ভাৰতীয়কে ধৰি মুঠ ৬৭ জন লোকৰ প্ৰাণ গ’ল।

Exit mobile version