Srinivas’s Petition In The High Court: অংকিতা দত্তৰ এজাহাৰ খাৰিজৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন শ্ৰীনিৱাসৰ

এজনীয়া বিচাৰপীঠত আজি হ’ব শুনানি

Ankita

Srinivas’s Petition In The High Court:

অসম প্ৰদেশ যুৱ কংগ্ৰেছ সদ্য বহিস্কৃত নেত্ৰী অংকিতা দত্তই দিছপুৰ থানাত দাখিল কৰা এজাহাৰ খন খাৰিজৰ কৰিবৰ বাবে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিৱাসে এক আবেদন দাখিল কৰিছে উচ্চ ন্যায়ালয়ত ৷ ইতিমধ্যে উচ্চ ন্যায়ালয়ে আবেদন খন গ্ৰহণ কৰি আজি এজনীয়া খণ্ডপীঠত শুনানি বাবে দিন ধাৰ্য কৰে ৷

উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ ৰাষ্ট্রীয় সভাপতি গৰাকী তথা যুৱ কংগ্ৰেছৰ অসমৰ তত্ববধায়ক বৰ্ধন যাদৱৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ সম্বলিত এখন এজাহাৰ অংকিতা দত্তই ২০ এপ্ৰিলত দিছপুৰ থানাত দাখিল কৰিছিল । দিছপুৰ থানাই শেহতীয়াকৈ এখন চমন জাৰি কৰি দুই মে’ত থানাত হাজিৰ হ’বলৈ নিৰ্দেশনা দিছিল শ্ৰী নিৱাসক ৷

আনকি গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰ্যায়ৰ বিষয়াই বাংগালোৰত গৈ শ্ৰী নিৱাসৰ বাসগৃহত চমন আৰি থৈ আহে ৷ কিন্ত আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত নিৰাপদ দূৰত অৱস্থান কৰা শ্ৰী নিৱাসে অৱশেষত কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷

Exit mobile version