Karbi Anglong Senior BJP Leader Jayram Engleng Resigns from Bjp :কাৰ্বি আংলংৰ জ্যেষ্ঠ বিজেপি নেতা জয়ৰামৰ ইংলেঙৰ দলত্যাগ

OYRAMENGLENG

Karbi Anglong Senior BJP Leader jayram Engleng Resigns from Bjp :

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বৰ্ষ থকা অৱস্থাত কাৰ্বি পাহাৰৰ জ্যেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেঙে বিজেপি দলৰ পৰা পদত্যাগ কৰে ৷ এইয়া অসম বিজেপিৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ৷ ইংলেং প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল ৷

উল্লেখ্য যে ইংলেং ২০১৬ ত হাওৰাঘাট সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল। একেদৰে ২৯১৪ ত বিজেপি প্ৰাৰ্থী ৰূপে ডিফু সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল ৷

প্ৰাক্তন বিধায়কজন ৰনজিৎ কুমাৰ দাস ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থকা সময়ত প্ৰদেশ বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ জ্যেষ্ঠ বিজেপি নেতা ইংলেং কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপেও এসময়ত কাৰ্যনিৰ্বাহ কৰিছিল ৷

এসময়ত কংগ্ৰেছৰ ঘাটি ৰূপে পৰিচিত কাৰ্বি পাহাৰত বিজেপিৰ সংগঠন কৰি দলটোক আগুৱাই নিয়াৰ অন্যতম কৰ্ণধাৰ ইংলেঙে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি ত্যাগ কৰাটোৱে বিজেপি বিজেপিৰ বাবে এক ক্ষতি ৷ হাওৰাঘাটৰ বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ইতিমধ্যে তেওঁ পদত্যাগ পত্ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি সদ্যদলত্যাগী জয়ৰাম ইংলেঙে অচিৰেই বহু সমৰ্থক সহ কংগ্ৰেছ দলত যোগদান কৰিব ৷ আগন্তুক লোকসভা নিৰ্বাচনত ইংলেং ডিফু সংসদীয় সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কংগ্ৰেছৰ এক ঘনিষ্ঠ সূত্ৰই৷

মনকৰিবলগীয়া যে,যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোনোৱাল চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য ছুম ৰংহাঙে দলত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল ৷

Exit mobile version