Central Government:ব্ৰিটিছ যুগৰ ৰাষ্ট্ৰদ্ৰোহ আইনৰ পুনৰ বিবেচনা কৰিব চৰকাৰে

sc

Central Government:

ব্ৰিটিছ যুগৰ কেন্দ্ৰৰ চৰকাৰে পুনৰ বিবেচনা কৰাৰ কথা অৱগত কৰিলে উচ্চতম ন্যায়ালয়ে। প্রসংগত উল্লেখ্য যে ভাৰতীয় দণ্ডবিধি আইন ১২৪’এ’ধাৰা বা ৰাষ্ট্ৰদ্ৰোহক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছিল।

সম্প্রতি এই আইনখন আদালতে স্থগিত ৰাখিছে। এই আইনৰ অধীন কোনো ব্যক্তিক গ্ৰেপ্তাৰ নোৱাৰিব। কিন্তু আইনখন দেশ সম্পূৰ্ণৰূপে বাতিল কৰা হোৱা নাই। আজি উচচতম ন্যায়ালয়ত কেন্দ্ৰৰ হৈ এটর্নি জেনেৰেল আৰ ভেংকটৰামণিয়ে অৱগত কৰি কয় যে,বৰ্তমানৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰদ্ৰোহ আইনৰ বৈধতাৰ বিষয়টো পৰীক্ষা কৰাৰ প্রক্রিয়া কেন্দ্ৰৰ চৰকাৰে আৰম্ভ কৰিছে।

ভাৰতীয় দণ্ডবিধিৰ ১২৪ ধাৰাই ৰাষ্ট্ৰদ্ৰোহক অপৰাধ হিচাপে চিহ্নিত কৰে আৰু এই ধাৰাৰ সংশোধনৰ পৰিকল্পনা গ্রহণ কৰিছে কেন্দ্রই। বিষয়টোৰ সম্পর্কত আইনী পৰামৰ্শ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু ন্যায়াধীশ জে বি পালিৱালাৰ বিচাৰপীঠত ৰাষ্ট্রদ্রোহ আইনৰ সন্দৰ্ভত এই বক্তব্য ব্যক্ত কৰিলে দেশৰ এটর্নি জেনেৰেলে । এই গোচৰৰ পৰৱৰ্তী শুনানি অহা আগষ্টৰ দ্বিতীয় সপ্তাহত সর্বোচ্চ ন্যায়ালয়ে গ্রহণ কৰিব।

উল্লেখ্য যে পূর্বে যোৱা নৱেম্বৰত এটর্নি জেনেৰেল ভেকেটমানিয়ে কৈছিল যে সংসদৰ বাজেট অধিবেশনতে এই বিষয়ত চৰকাৰে কোনো পদক্ষেপ গ্রহণ কৰিব পাৰে। কিন্তু বাজেট অধিবেশনত কেন্দ্ৰৰ চৰকাৰে কোনো পদক্ষেপ নল’লে। আজি সর্বোচ্চ ন্যায়ালয়ত ভেংকট মানিয়ো ৰাষ্ট্ৰদ্ৰোহ আইন সংশোধন সংক্ৰান্তত পৰামৰ্শ গ্ৰহণৰ প্ৰক্ৰিয়া ইতিমধ্যে প্রায় সমাপ্ত হৈছে।

Exit mobile version