AAp PreesMeet In Guwahati :দিল্লীত সুৰা কেলেংকাৰীত হোৱা নাই এটকাৰো লেনদেন: আপ

aap ghy 1

AAp PreesMeet In Guwahati :

সুৰা কেলেংকাৰীত আম আদমী পার্টিয়ে ১০০ কোটি টকাৰ উৎকোচ লোৱা বুলি অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে।সোমবাৰে আপৰ অসম ৰাজ্যিক কমিটিয়ে মহানগৰীৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক সভাপতি ডা: ভবেন চৌধুৰীয়ে উল্লেখ কৰে যে চি বি আই আৰু ইডি- এ আদালতত স্বীকাৰ কৰিছে যে তেওঁলোকৰ হাতত ৭০ কোটি টকাৰ উৎকোচৰ কোনো প্রমাণ নাই আৰু বাকী ৩০ কোটি টকা জনৈক ৰাজেশ যোশী’ নামৰ এজন ব্যক্তিয়ে আনি দিল্লীত আম আদমী পাৰ্টিৰ সদস্যক দিছিল।

ছয় মে’ত দিয়া আদেশত আদালতে উল্লেখ কৰিছে যে ৰাজেশ যোশীয়ে কোনো ধৰণৰ ধন অনাৰ প্রমাণ নাই। গতিকে আদালতে পোনপটীয়াকৈ উল্লেখ কৰি কৈছে যে চি বি আই আৰু ইডি -এ য়ে দিয়া অভিযোগৰ বিষয়ত কোনোধৰণৰ উৎকোচৰ লেনদেন হোৱা নাছিল।

চি বিআই – ইডি ৰ দ্বিতীয়টো অভিযোগ যে গোৱাৰ নিৰ্বাচনত ১০০ কোটি উৎকোচৰ ধন আম আদমি পার্টীয়ে ব্যয় কৰিছিল। বিগত আঠ মাহত চিবিআই আৰু ইডিয়ে গোৱাত থকা আমাৰ সকলো বিক্ৰেতাক অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে৷ চি বি আই আৰু ইডিৰ মতে সমগ্ৰ গোৱা নিৰ্বাচনত আপে নগদ ১৯ লাখ টকা, আৰু বাকী সকলো ধন চেক যোগে খৰচ কৰিছিল।

পৃথিৱীত এনে কোনো সৎ দল হ’ব পাৰেনে যিয়ে মাত্ৰ এখন ৰাজ্যৰ নিৰ্বাচনত নগদ ১৯ লাখ টকাহে খৰচ কৰে? গতিকে এতিয়া চিবিআই আৰু ইডিয়েও প্ৰমাণিত কৰিছে যে আম আদমি পাৰ্টী দেশৰ আটাইতকৈ সৎ দল।

ডা° ভবেন চৌধুৰীয়ে জোৰ দি কয় যে সমগ্ৰ গোচৰটো ভুৱা তথ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইডি- এ আদালতত ১৪টা ফোন ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছিল মনীষ চিছদিয়াৰ বিৰুদ্ধে। পিছত তদন্তত দেখা গ’ল যে সকলো ফোনৰ হিচাপ আছিল আৰু ইয়াৰে পাঁচটা চিবিআই আৰু ইডিৰ হাতত ইতিমধ্যেই জমা দিয়া হৈছে।

ইডিয়েও নিজৰ চাৰ্জ শ্বীটত সঞ্জয় সিঙৰ নাম অন্তৰ্ভুক্ত কৰিছিল। যেতিয়া সঞ্জয় সিঙে ইডি বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ যোজা চলালে, তেতিয়া ইডিয়ে আদালতত মানি লৈছিল যে সঞ্জয় সিঙৰ নাম “ভুলতে” অভিযোগনামাত অন্তর্ভুক্ত কৰা হৈছে।

ইডিৰ দৰে এজেন্সীয়ে ভুলতে কাৰোবাৰ নাম চার্জ শ্বীটত অন্তৰ্ভুক্ত কৰিব পাৰেনে? যদি এনে ভুল হৈছিল তেন্তে বিজেপি নেতাৰ নাম কিয় অন্তর্ভুক্ত নহ’ল? ওপৰৰ পৰা হেঁচাত ফান্দত পেলাবলৈ সঞ্জয় সিংৰ নাম যে মিছাকৈ অন্তৰ্ভুক্ত কৰা হৈছিল সেয়া স্পষ্ট। এনে তদন্তক বিশ্বাস কৰিব পাৰিনে?

সুৰা কেলেংকাৰী নাম দি সাক্ষীক ভয় খুৱাই শাৰীৰিকভাৱে আক্ৰমণ কৰি, ভুৱা স্বীকাৰোক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিছিল বিজেপিয়ে। কমেও পাঁচজন লোকে আদালতত নিজৰ বক্তব্য প্রত্যাহাৰ কৰিবলৈ আবেদন দাখিল কৰি কয় যে তেওঁলোকক নির্যাতন চলোৱা হৈছিল আৰু বক্তব্য দিবলৈ বাধ্য কৰা হৈছিল। এজন ব্যক্তিক ইমান বেয়াকৈ প্ৰহাৰ কৰা হৈছিল যে তেওঁৰ কাণৰ পৰ্দা ফাটি গৈছিল। ইডিৰ বিষয়াৰ বিৰুদ্ধেও তেওঁ উচ্চ ন্যায়ালয়ত এজাহাৰ দাখিল কৰিছে।

আপ অসমৰ ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰীয়ে সংবাদমেলত আৰু কয় যে, “আচলতে দিল্লীত “সুৰা কেলেংকাৰী” বুলি কোনো ঘটনাই হোৱা নাই। এই সমগ্ৰ কাহিনীটো বিজেপি ৰ নিৰ্দেশনাত লিখা হৈছিল। আজি দেশৰ জনসাধাৰণে অৰবিন্দ কেজৰিৱালক এজন সৎ নেতা হিচাপে দেখিছে। কেজৰিৱালৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ গোটেই সুৰা কেলেংকাৰীৰ কাহিনী মোদীয়ে ব্যৱহাৰ কৰিছিল ৷

সংবাদমেলত আপৰ জ্যেষ্ঠ নেতা কমল মেধিও উপস্থিত থাকে ৷

Exit mobile version