Assam BJp:ৰাজ্যিক বিজেপিত মুকলিকৈ আৰম্ভ হৈছে বাদ-বিবাদ !

ন- পুৰণি সংঘাতত উদ্বিগ্ন ৰাজ্যিক বিজেপি,অধিক সম্প্ৰসাৰিত নহ'বলৈ সকলো জিলাৰ পৰিস্থিতিৰ বুজ লোৱাৰ তৎপৰতা

bhabesh

Assam BJp:

ৰাজ্যিক বিজেপিত সম্প্রতি আন্তঃদলীয় সংঘাতে কঁপনি তুলিছে। অন্যান্য দলৰ পৰা বিজেপিলৈ নতুনকৈ অহাসকল আৰু পুৰণি বিজেপি নেতা-কৰ্মীৰ মাজত জিলাই জিলাই সংঘাতৰ সূত্ৰপাত ঘটিছে।

অৱশ্যে ন-পুৰণিৰ এই সংঘাত পূৰ্বৰে পৰা চলি আহিছিল যদিও বহু পৰিমাণে সুপ্ত অৱস্থাত আছিল; কিন্তু বঙাইগাঁৱত সংঘাতে প্রকাশ্য ৰূপ লোৱাৰ পাছত ইখনৰ পাছত আনখন জিলালৈ ইয়াৰ প্ৰতিক্ৰিয়া বিয়পিবলৈ ধৰিছে। দলীয় সূত্ৰত প্রকাশ যে এই সংঘাত প্ৰথম অৱস্থাত দলৰ কাৰ্যালয়ৰ চাৰিবেৰৰ মাজতে আবদ্ধ আছিল।

সেই সীমা অতিক্রমি সংঘাতে ক্ৰমে ৰাজহুৱা ৰূপ ধাৰণ কৰিছে। লক্ষ্যণীয় দিশটো হ’ল যে ৰাজ্যিক নেতৃত্বই বিষয়টোক প্রথমতে গুৰুত্ব প্ৰদান কৰা নাছিল। ইখনৰ পাছত সিখন জিলালৈ যেতিয়া সংঘাত বিয়পিবলৈ আৰম্ভ কৰে তেতিয়াহে গা লৰে ৰাজ্যিক নেতৃত্বৰ

পৰিস্থিতি অধিক জটিল হোৱাত ৰাজ্যিক নেতৃত্বই বিষয়টোত হস্তক্ষেপ কৰে যদিও পৰিস্থিতিৰ নিৰাময় হোৱা নাই বুলি ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাৰ সূত্ৰই সদৰী কৰে। আনকি দলৰ মৰ্চাতো এনে সংঘাতৰ সৃষ্টি হৈছে। ইয়াক নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত থকাৰ মাজতো আনকি দলৰ বিষয়বাবত থকা লোকেই সামাজিক মাধ্যমত ক্ষোভ প্রকাশ কৰিবলৈ শেহতীয়াকৈ আৰম্ভ কৰিছে।

বঙাইগাঁৱৰ পাছত গোৱালপাৰা, বিলাসীপাৰা আদি জিলা সমিতিৰ পাছত নলবাৰীতো আৰম্ভ হৈছেঅনুৰূপ পৰিস্থিতিৰ ৷ জিলাখনত দলৰ ভিতৰচ’ৰাত নতুন আৰু পুৰণি বিজেপিৰ মাজত সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তাৰে বাহ্যিক প্ৰতিফলনো এতিয়া ঘটিছে।

উদাহৰণ স্বৰূপে জিলাখনৰ সামাজিক মাধ্যম কোষৰ কলিতা উপাধিৰ সহ আহ্বায়ক এজনে সামাজিক মাধ্যমত লিখিছে এনেদৰে, ‘মুখা পিন্ধা নামধাৰী বিজেপি, চাল-চলন একেবাৰে কংগ্ৰেছী।’ আকৌ তালুকদাৰ উপাধিৰ এজন আহ্বায়কে লিখিছে, ‘বর্তমান বিজেপি লেবেলধাৰী একাংশ নেতাই কংগ্ৰছীসকলক গুৰুত্ব দি ঘূৰি থকা দেখা গৈছে ।’

কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা একাংশ নতুন নেতাক উদ্দেশ্য কৰিয়েই এনেধৰণৰ ইংগিতপূর্ণ মন্তব্য কৰাটোও ইয়াৰ দ্বাৰাই স্পষ্ট হোৱা বুলি দলীয় সূত্ৰত প্ৰকাশ।

দলৰ ৰাজ্যিক স্তৰত হোৱা চৰ্চা অনুসৰি অসন্তুষ্টি তথা সংঘাতৰ এনে পৰিৱেশে ইতিমধ্যে পূব অসমৰ কেবাখনো জিলা সমিতিত গুৰুতৰ ৰূপ লৈছে। ইয়াৰ নেতৃত্ব লৈছে দলৰ কেবাজনো জ্যেষ্ঠ নেতাই। এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক সভাপতি ভবেশ কলিতাক শীঘ্ৰে সমস্যা সমাধানৰ পৰামৰ্শ দিছে।

সেই অনুসৰি কলিতাই বাদী-বিবাদী দুয়োপক্ষৰ একাংশৰ লগত কথা পাতি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দলৰ স্বাৰ্থত সকলোকে মিলি কাম কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছে; কিন্তু এনে আহ্বানে গুৰুত্ব নোপোৱা বুলি দলৰ সূত্ৰত প্ৰকাশ। পৰিস্থিতি নিয়ন্ত্ৰণৰ অংশ হিচাপে প্রায় সকলো জিলাৰ পৰিৱেশ বুজ লোৱাৰ প্ৰক্ৰিয়াও চলিছে।

গতিকে যিকেইখন জিলাত এই ধৰণৰ পৰিস্থিতি অদ্যাপি উদ্ভৱ হোৱা নাই সেইবোৰৰো খবৰ লোৱা হৈছে। লক্ষ্যণীয়ভাৱে সূত্ৰত প্রকাশ যে ন-পুৰণিক লৈ বেছিভাগ জিলাতে বাদ-বিবাদ চলি আছে। ক’ৰবাত বিবাদৰ মাত্ৰা বাঢ়িছে, ক’ৰবাত বঢ়া নাই। পার্থক্য ইমানেই বুলি জ্যেষ্ঠ নেতাই কয়।

অৱশ্যে দলীয় এনে বিশৃংখলা নুই কৰা নাই সভাপতি কলিতাই। দলত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই কয় যে বৃহৎ ৰাজনৈতিক দল এটাত ক’ৰবাত ক’ৰবাত দুই-এজন মানুহ অসন্তুষ্ট হ’ব পাৰে। তাৰ নিৰাময়ো আলোচনাৰ মাজেৰে কৰা হয়।

গতিকে জিলাভেদে য”ত যি সমস্যা আছে সেইবোৰ সমাধান হ’ব বুলিও কলিতাই তাৎপর্যপূর্ণ মন্তব্য কৰে।

Exit mobile version