Rabha Mahila Parishad Pressmeet :কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংবাদমেল নিখিল ৰাভা মহিলা পৰিষদৰ

অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পনৰ দাবী, বকোৰ বিএচএফ জোৱান ধৃতাশ্ৰী ৰাভাৰ মৃত্যুৰ তদন্তৰ দাবী

Rabha student union

Rabha Mahila Parishad Pressmeet :

 অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু তদন্ত চিআইডিৰ পৰিবৰ্তে চিবিআইক অৰ্পনৰ দাবী জনাই আজি আৰছু’ৰ নিখিল ৰাভা মহিলা পৰিষদে এখন সংবাদ মেলাৰ আয়োজন কৰে।

বকোস্থ কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগনত নিখিল ৰাভা মহিলা পৰিষদৰ উপ সভানেত্ৰী বিচিত্ৰা ৰাভা, কামৰূপ জিলা মহিলা পৰিষদৰ উপ সভানেত্ৰী সাধনা ৰাভা,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি মণ্টু ৰাভা,সা: সম্পাদক অশোক নংবাগ,সহঃ সম্পাদক জিতুল ৰাভা,শিক্ষা সচিব অনুপ ৰাভা,কাৰ্যালয় সম্পাদক ভূপেন ৰাভা প্ৰমূখ্যে ৰাভা জাতীয় সংগঠনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

উল্লেখযোগ্য যে,অসম আৰক্ষীৰ উপ পৰিদৰ্শক তথা নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী উত্থাপন কৰি দুধনৈৰ লগতে বকোত সুকীয়া ভাবে সংবাদ মেলৰ আয়োজন কৰে ৰাভা জাতীয় সংগঠন নিখিল ৰাভা ছাত্ৰ সন্থাই।

বকোত নিখিল ৰাভা মহিলা পৰিষদে সংবাদমেল আয়োজন কৰি অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমনি ৰাভাক মৃত্যু সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ সংবাদমেলত নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা,সা: সম্পাদিকা কবিতা ৰাভাই ১৬মে’ত অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ খবৰ বিভিন্ন সামাজিক আৰু সংবাদ মাধ্যমৰ জৰিয়তে জ্ঞাত হোৱাৰ কথা সদৰি কৰে উপস্থিত সাংবাদিক সকলৰ আগত।

বিভিন্ন উৎস আৰু সংবাদ মাধ্যমৰ বাতৰি প্ৰত্যক্ষ কৰি ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে। একেদৰে প্ৰকৃত তথ্য উদ্ঘাটন কৰিবলৈ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে বুলিও উল্লেখ কৰে। ইতিমধ্যে অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব চিআইডিক অৰ্পন কৰিছে যদিও নিখিল ৰাভা মহিলা পৰিষদে প্ৰয়াত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ সমগ্ৰ ঘটনাৰ দায়িত্ব চিবিআইক দিবলৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাই।

সংবাদমেলত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভাই উপস্থিত থাকি জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ অসম আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকা ৰহস্যময় আৰু সন্দেহজনক বুলি ক্ষোভ প্ৰকাশ কৰি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থায়েও জোনমণিৰ মৃত্যুৰ তদন্ত  চিআইডিৰ পৰিৱৰ্তে চিবিআইক অৰ্পনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ৷

অনুৰূপ ধৰণে সংবাদমেলখনত ৰাভা জাতীয় সংগঠনৰ বিষয়ববীয়া সকলে বকোৰ ডাকুৱাপাৰা নিৱাসী সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত প্ৰয়াত ধৃতাশ্ৰী ৰাভাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আজিলৈকে নকৰাৰ অভিযোগ উত্থাপন কৰে।

কোচবিহাৰত প্ৰায় ৬ মাহ ধৰি খেলৰ প্ৰশিক্ষণ লৈ থকা অৱস্থাতে বকোৰ ধৃতাশ্ৰী ৰাভাক যোৱা ২০মাৰ্চত হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰছুয়ে। আৰছু’ৰ কামৰূপ জিলাৰ সভাপতি গৰাকীয়ে চিবিআইৰ জৰিয়তে প্ৰয়াত ধৃতাশ্ৰী ৰাভাৰ মৃত্যুৰ উচিত তদন্ত উদ্ঘাটন কৰি হত্যাকাৰীক চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।

Exit mobile version