Bjp Maha Sampark Abhiyan :ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা সম্পন্ন

৩০ মে'ৰ পৰা ৩০ জুনলৈকে বিজেপিৰ মহা জনসম্পর্ক অভিযান

bjp assam 1

Bjp Maha Sampark Abhiyan:

ভাৰতীয় জনতা পাৰ্টি বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আজি ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাৰ লগতে কেইবাখনো সাংগঠনিক সভাত অনুষ্ঠিত হৈ যায়। সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিষয়ববীয়াৰ সভাত ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি বৈজয়ন্ত জয় পাণ্ডা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে সাধাৰণ সম্পাদক, সম্পাদক, উপ সভাপতি, মুখ্য মুখপাত্র, কাৰ্যালয় সম্পাদক আৰু মৰ্চাৰ সভাপতি সকল উপস্থিত থাকে।

সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি ভৱেশ কলিতাই কয় বিষয়ববায়ী সভাত দলৰ অনাগত কাৰ্যসূচী সন্দৰ্ভত বিস্তৃতভাৱে আলোচ্য কৰা হয়। সভাৰ সিদ্ধান্ত অনুসৰি ৰাজ্যিক বিজেপিয়ে সমাগত যোগ দিৱস আৰু ক’লা দিৱস বুথ পৰ্যায়লৈকে অনুষ্ঠিত কৰিব।

আনহাতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বর্ষপূর্তি উপলক্ষে অহা ৩০ মে’ৰ পৰা ৩০ জুন লৈকে সমগ্র দেশজুৰি মাহজোৰা মহা জনসম্পর্ক অভিযান কার্যসূচী গ্ৰহণ কৰিব বুলি  কলিতাই মন্তব্য কৰে। তেওঁ লগতে কয়, এই অভিযান প্ৰতিটো লোকসভা, বিধানসভা সমষ্টিৰ লগতে বুথ তথা মণ্ডল পৰ্যায়লৈকে চলিব।

দলৰ সকলো মন্ত্ৰী, বিধায়ক, সাংসদ, ৰাজ্যিক আৰু জিলা বিষয়ববীয়া সকলে উক্ত কার্যক্রমত অংশগ্ৰহণ কৰিব বুলি ভৱেশ কলিতাই লগতে জানিব দিয়ে। উক্ত সভাৰ পিছতেই ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত দলৰ ৩৯ খন সাংগঠনিক জিলা সভাপতি আৰু জিলা প্ৰভাৰী সকলৰ বৈঠক অনুষ্ঠিত হয়। সভাত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলৰ কাৰ্যকৰ্তা সকলক উদ্দেশ্যি সাংগঠনিক দিশৰ ওপৰত বক্তব্য ৰাখে।

Exit mobile version