Bogai:২৫তম্ বগাই সাংস্কৃতিক সন্ধিয়া উদ্ধোধনী অনুষ্ঠান:নৱেম্বৰত সাংস্কৃতিক সন্ধিয়া

boko

Bogai :

বৃহত্তৰ বকো অঞ্চলৰ উদীয়মান যুৱ মঞ্চ বগাই সামাজিক সাংস্কৃতিক ক্ৰীড়া সংগঠনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়াৰ আজি শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

বকোস্থ বগাই ক্ষেত্ৰত প্ৰতি বছৰৰ দৰে এইবেলিও ২৫বছৰ ভৰি দিয়া উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষৰ সংগতি ৰাখি খেল ধেমালি অনুষ্ঠিত কৰা হৈছে। আনহাতে অহা নৱেম্বৰত উদযাপন কৰা হ’ব বগাই সামাজিক সাংস্কৃতিক ক্ৰীড়া সংগঠনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান।

শুভাৰম্ভণি অনুষ্ঠানটিৰ পুৱাৰ ভাগত বগাই সামাজিক সাংস্কৃতিক ক্ৰীড়া সংগঠনৰ উদযাপন সমিতিৰ উপদেষ্টা ৰাম ডেকা,সভাপতি অৰ্জুন চেত্ৰী, কাৰ্য্যকৰি সভাপতি সুমিত চন্দ্ৰ ৰাভা,উপ সভাপতি অমূল্য ৰাভা, সম্পাদক হিৰণ্য পাঠক,সহ:সা: সম্পাদক হৃদয় প্ৰতিমা মহন্ত,সাৰংগ পাটোৱাৰী, সাংস্কৃতিক সম্পাদক ব্ৰজ কুমাৰ ৰাভা, মূল সমিতিৰ স্থায়ী সভাপতি সংগীত বড়ো, উপ সভাপতি পুনাকণ ৰাভা, সা: সম্পাদক ধীৰাজ(ৰাজা)ৰাভা,কাৰ্য্যকৰি সদস্য ভবেন দাসসহ অন্যান্য বিষয়ববীয়া সকলে বকোৰ যমুনেশ্বৰী দেৱালয়ত আশীষ লয়।

একেদৰে যমুনেশ্বৰী দেৱালয় প্ৰাংগনত শান্তিৰ প্ৰতীক স্বৰূপে পাৰ চৰাই এযোৰ উৰুৱাই উদযাপন সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰী,কাৰ্য্যকৰি সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত চন্দ্ৰ ৰাভাই অনুষ্ঠাটি সাফল্যমণ্ডিত কৰা বাবে ভগৱানক ওচৰত প্ৰাৰ্থনা জনায়।

ইয়াৰ পাছতেই বগাই ক্ষেত্ৰত মূল সমিতিৰ পতাকা উত্তোলনৰ পাছত শ্বহীদ বেদীৰ শ্বহীদ তৰ্পণ কৰে বকোৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী মীৰা মহন্তই। ইয়াৰ পাছতেই দিনযোৰা খেল ধেমালি অনুষ্ঠিত কৰা হয়। পুৰুষৰ ১০০,২০০,৪০০মিটাৰ আৰু মহিলাৰ ১০০,২০০ মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

ইয়াৰোপৰি ৰছী টনা,ধামা কোবোৱা, মিউজিক চেয়াৰ প্ৰতিযোগিতাৰো আয়োজন কৰে। সন্ধিয়া বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।

খেল ধেমালি অনুষ্ঠানত উপস্থিত থাকে বকো ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈ।

Exit mobile version