Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Police:অসম আৰক্ষী কোন পথে?

#প্রাঞ্জলসেন ডেকা

publisher by publisher
May 22, 2023
in News, Assam
Reading Time: 5 mins read
0
Assam Police:অসম আৰক্ষী কোন পথে?
5
SHARES
54
VIEWS
ShareShareShareShare

Assam Police:

ADVERTISEMENT

অসম আৰক্ষী কোন পথে ?

RelatedPosts

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

HSLC Examination Started:আজিৰে পৰা আৰম্ভ হ’ল মেট্রিক পৰীক্ষা

Match fixing:সংকটত অসমৰ চাৰি ক্ৰিকেটাৰ !

#প্রাঞ্জলসেন ডেকা

ৰাজ্য এখন সুস্থিৰভাৱে চলিবলৈ হ’লে আৰক্ষী বাহিনী সক্ষম, শৃংখলিত আৰু দুৰ্নীতিমুক্ত= হোৱাটো অপৰিহাৰ্য; অথচ অসমত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিহে দৃষ্টিগোচৰ হৈছে। আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই অসম আৰক্ষীৰ ভিতৰ চ’ৰাত চলি থকা কেতবোৰ ক’লা অধ্যায়ৰ ছবি দাঙি ধৰিলে। দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা এই ঘটনাৰ আঁৰত যে আন ৰহস্য লুকাই আছে, সেয়া ঘটনাৰ তদন্ত চিবিআইক অর্পণ কৰাৰ সিদ্ধান্ততে ওলাই পৰিছে।

স্বয়ং আৰক্ষী প্রধানে কৈছে যে ঘটনাৰ বিষয়ে তেওঁ কিছু সময়ৰ অৱগত হোৱা হ’লে ঘটনাৰ পৰিণতি এনে নহ’লহেঁতেন; অর্থাৎ ইয়াৰ আঁৰত আন কথা জড়িত হৈ আছে যিটো আৰক্ষী প্ৰধানে আগতে জানিব পৰা হ’লে তাক ৰোধ কৰাটো তেওঁৰ পক্ষে সম্ভব হ’লহেঁতেন। জোনমণিক মৃত্যু আৰু ইয়াৰ পৰবৰ্তী ঘটনাৱলীয়ে অসম আৰক্ষীৰ বাকী থকা বিশ্বাসযোগ্যতা খিনিও নস্যাৎ কৰিলে।

চৰকাৰ তথা আৰক্ষী বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বিভিন্ন দাবীৰ বিপৰীতে আৰক্ষীৰ ওপৰত ৰাজ্যবাসীৰ আছা এনোনবে হ্রাস পোৱাটো বিপজ্জনক। নিজ বিভাগৰে এগৰাকী উদীয়মান আৰু দক্ষ কনিষ্ঠ বিষয়াক সুৰক্ষা প্ৰদানত বাৰ্ণ হোৱা আৰক্ষীৰ ওপৰত ৰাজ্যবাসীয়েই বা কিনবে আছা ৰোপণ কৰিব। এনে পৰিস্থিতিত অসম আৰক্ষীয়ে এপষেক অথবা এমাহৰ এক নিৰ্দিষ্ট সময় ধাৰ্য কৰি তাৰ ভিতৰতে জোনমণিৰ মৃত্যুৰ বহস্য উদ্‌ঘাটনৰ পদক্ষেপ লোৱাটো সময়ৰ দাবী আছিল।

লগতে ইয়াত জড়িত বুলি প্ৰমাণ হোৱাসকল লাগিলে যি পৰ্যায়ৰ নহওক, সেইসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যবস্থা গ্ৰহণ কৰাটো বাঞ্ছনীয় আছিল। আৰক্ষীয়ে এই নির্দিষ্ট সময়ৰ ভিতৰত নিষ্ঠাৰে তদন্ত সম্পন্ন কবি নিৰপেক্ষভাবে সমগ্র দপ্ত ধৰা হ’লে হেৰুওৱা আস্থা তথা বিশ্বাসযোগ্যতা কিছু হ’লেও ঘুৰাই পোৱাৰ সম্ভাৱনা আছিল। কিন্তু দুর্ভাগ্যজনকভাৱে হ’ল তাৰ সম্পূৰ্ণ বিপৰীত।

এনে পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীৰ মনত প্ৰশ্নৰ উদ্ৰেক হোৱাটো স্বাভাবিক যে প্ৰকৃততে জোনমণিৰ মৃত্যুৰ ঘটনাটো ইমান জটিল নেকি যে অসম আৰক্ষীৰ দৰে বৃহৎ বাহিনী এটাৰ তাক উদ্‌ঘাটন কৰিবলৈ সামৰ্থ্য নাই। গতিকে চিবিআইক দায়িত্ব প্ৰদানৰ কথা ঘোষণা কৰি সমগ্ৰ ঘটনাটোৰ পৰাই অসম আৰক্ষীয়ে মূৰপোলোকা মাৰিব খোজাটো স্পষ্ট হৈ পৰে; কিয়নো এই ঘটনাই অসম আৰক্ষীৰ স’তে অপৰাধীৰ সম্পৰ্ক, ন্যস্তস্বার্থ পূৰণৰ বাবে আৰক্ষীত বিভাজনৰ লগতে ভিতৰচ’ৰাত চলি অহা বিভিন্ন চল-চক্ৰান্তৰ আভাস দিলে।

এই কথাত বিন্দুমাত্রও সন্দেহ নাই যে কেচু খান্দিলে সাপ ওলাব। ইয়াৰ শিপা কিমান পর্যায়লৈকে জড়িত হৈ আছে তাক লৈও শংকা নথকা নহয়। সেয়েহে এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰাটো অসম আৰক্ষীৰ বাবে সম্ভৱ নহ’ল। ই কেৱল আৰক্ষীৰ দুৰ্বলতাকে নহয়, সততাৰ মুখামুখি হোৱাৰ অভাৱকো নির্লজ্জভাৱে উদঙাই দিলে।

গতিকে চিবিআইক অৰ্পণ কৰি সাময়িকভাৱে এই সমস্ত বিষয়বোৰ থাপি-থুপি থোৱাৰ কৌশল গ্ৰহণ কৰা হ’ল বুলি সন্দেহৰ সৃষ্টি হোৱাটো অস্বাভাবিক নহয়। এই কথাৰ উল্লেখ নিষ্প্রয়োজন যে যিকোনো ঘটনাৰ তদন্তৰ বাবে চিবিআইক যথেষ্ট দীঘলীয়া সময়ৰ প্ৰয়োজন হয়; কিয়নো দীৰ্ঘসময় ধৰি অত্যধিক গোচৰৰ ভৰত চিবিআই পিষ্ট হৈ আছে।

গতিকে চিবিআইক তদত্তৰ দায়িত্ব দি এহাতে অসম আৰক্ষী জবাবদিহি হোৱাৰ পৰা মুক্ত হ’ল আৰু আনহাতে বিলম্বৰ দ্বাৰা ৰাইজৰ মনৰ পৰাও ঘটনাটো আঁতৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ল। ইয়াৰ জৰিয়তে আপাত দৃষ্টিত আৰক্ষী লাভৱান হোৱা বুলি শীর্ষ মহলে ধাৰণা কৰিলেও ই কিন্তু সামগ্রিকভাৱে আৰক্ষী বাহিনীৰ প্ৰতি ৰাইজৰ আস্থা যে অধিক হ্ৰাস কৰিলে, তাত কোনো সন্দেহ নাই।

আৰক্ষী বাহিনীক বিভিন্ন ধৰণে শক্তিশালীকৰণৰ উদ্দেশ্যে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। অন্ততঃ তাক লৈ যথেষ্ট দাবী কৰি অহা হৈছে। শেহতীয়া সময়ছোৱাত এনে দাবী অধিক শ্রুতিগোচৰ হৈছে যদিও আৰক্ষীৰ অৱস্থা যে অধিক শোচনীয়হে হৈছে সেয়া স্পষ্ট। দৰাচলতে কেৱল শুনি ভাল লগা কথাৰে যে সংস্কাৰ সম্ভৱ নহয়, সেয়া অসম আৰক্ষী বাহিনীৰ ক্ষেত্ৰতে প্ৰমাণ পোৱা গ’ল।

কেৱল চমক সৃষ্টিৰ চেষ্টাৰে যে উদ্দেশ্য সাধন সম্ভৱ নহয়, সেয়া বাৰে বাৰে প্ৰমাণিত হোৱাৰ পাছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নোহোৱাটোহে দুর্ভাগ্যজনক। অপৰাধীৰ স’তে একাংশ আৰক্ষীৰ সম্পৰ্ক তথা ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজেই বিভিন্ন অপৰাধত লিপ্ত হোৱাৰ ঘটনা আজিৰ নহয়। আৰক্ষীৰ দ্বাৰা বিভিন্ন অভিযানৰ ক্ষেত্ৰতো একে ধৰণৰ প্ৰশ্নই উত্থাপিত হৈ আহিছে।

উদাহৰণস্বৰূপে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলি অহা আৰক্ষীৰ অভিযানলৈয়ে আঙুলিয়াব পাৰি। কয়লা, চুপাৰি আদিৰ কুখ্যাত ছিণ্ডিকেটৰ কথা নক’লোৱেই বা ! এনে ধাৰাবাহিক অভিযানৰ পাছতো এই আটাইবোৰ অবৈধ ব্যৱসায় ৰাজ্যত পূৰ্ণগতিত অব্যাহত আছে। দাবী যিয়েই কৰা নহওক, ৰাজ্যত ড্ৰাগছৰ বেহা অথবা বিভিন্ন ছিণ্ডিকেট আদি বন্ধ হৈছে বুলি কোনোবাই বিশ্বাস কৰিবনে?

জোনমণিৰ মৃত্যুৰ ঘটনাৰ পাছত ৰাজ্যত নকল সোণ আৰু জালনোটৰ ৰমৰমীয়া বেহাক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। হঠাতে আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে সক্রিয়তা প্ৰদৰ্শন কৰিছে আৰু এমাহৰ ভিতৰত এই অবৈধ বেহা উৎখাত কৰা হ’ব বুলি ঘোষণা কৰিছে; কিন্তু বিগত কে’বা বছৰ ধৰি এনে নকল সোণ আৰু জালনোটৰ বেহা ব্যাপক হাৰত ৰাজ্যত চলি আহিছে।

এনে দুষ্টচক্ৰৰ কবলত পৰি প্ৰায় প্ৰতিদিনেই বহু লোক সর্বস্বাত্ত হোৱাৰ বিষয়ে ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। তৎসত্ত্বেও ইমানদিনে এনে অভিযান চলোৱাৰ পৰা আৰক্ষী বিৰত থকাৰ আঁৰত কিহে ক্ৰিয়া কৰিছে তাক কোনেও নুবুজাকৈ থকা নাই। এনেবোৰ ঘটনাই আৰক্ষী বাহিনীৰ পৃষ্ঠপোষকতাতে যে অপৰাধ সংঘটিত হৈ আহিছে তাকেই আকৌ এবাৰ স্পষ্ট কৰি দিলে ৷

বিগত কে’বাদশক ধৰি ৰাজ্যত কয়লাৰ পৰা চুপাৰিলৈ, কাঠৰ পৰা গৰুলৈ বিভিন্ন অবৈধ ছিণ্ডিকেট আৰক্ষীৰ পৃষ্ঠপোষকতাতে ৰমৰমীয়াকৈ চলি আহিছে। সেই সম্পৰ্কত সংবাদ মাধ্যমত বিস্তৃতভাৱে প্রকাশ পাই আহিছে। যদিও সেইবোৰ ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ।

অকল সেয়ে নহয়, দুই-চাৰি হেজাৰ টকাৰ উৎকোচ গ্রহণ কৰা একাংশ নিম্ন পৰ্যায়ৰ চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয়তা প্ৰদৰ্শনৰ চেষ্টা চলাই আহিছে; অথচ বিভিন্ন ক্ষেত্ৰত দুর্নীতিয়ে অধিক গুৰুতৰ ৰূপ লোৱা বুলিহে ভুক্তভোগীয়ে প্ৰকাশ কৰি আহিছে। প্ৰশ্ন উত্থাপিত হৈছে যে বিভিন্ন চৰকাৰী বিভাগৰ নিম্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই অহা আৰক্ষী বাহিনীৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকলৰ দুৰ্নীতিৰ তদন্ত কোনে কৰিব?

অসম আৰক্ষীৰ অধিকাংশ সৰু-বৰ বিষয়া বিপুল ধন-সম্পদৰ গৰাকী। ইতিমধ্যে যি দুই-এজন নিম্ন আৰু মধ্যম পৰ্যায়ৰ আৰক্ষী বিষয়া বিভিন্ন গোচৰৰ পাকচক্ৰত পৰি গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে, তেওঁলোকৰ সম্পত্তিৰ তালিকাই দেখোন সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। অথচ ধৰা নপৰা আন অধিকাংশ বিষয়াৰে ধন-সম্পত্তির তালিকা আৰু বহু বেছি দীঘলীয়া।

সেই দুর্নীতিগ্ৰস্ত তথা বিভিন্ন অপৰাধী চক্ৰবে যুক্ত আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধেই বা কোনে তদত্ত অথবা অভিযান চলাব? প্রতিমাহত বিভিন্ন পৰ্যায়ৰ মাত্ৰ দুজনকৈ বিষয়াৰ ধন-সম্পত্তিৰ সম্পৰ্কত নিজাববীয়াকৈ নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰি দুৰ্নীতিবিরোধী অভিযানৰ পৱিত্ৰতা প্ৰমাণ কৰিবলৈ অসম আৰক্ষীৰ সাহস হ’বনে? অন্যথা এই অভিযান ক্ষমতাৰ অপব্যৱহাৰৰ অন্যতম আহিলাৰূপেই ব্যৱহৃত হৈ থাকিব।

অৱশ্যে সকলো ক্ষেত্ৰতে ব্যতিক্রম থকাৰ লেখীয়াকৈ অসম আৰক্ষীতো ব্যতিক্রম নিশ্চয় আছে। সেইসকল সৎ তথা নিষ্ঠাবান আৰক্ষী বিষয়া-কৰ্মচাৰীৰ বলতে বাহিনীটো ভাগি নপৰাকৈ আজিও কর্মক্ষম হৈ আছে।

এই কথা লুকাই থকা নাই যে অসম আৰক্ষীত কৰ্মৰত বহিঃৰাজ্যৰ একাংশ বিষয়াই কেৱল কেৰিয়াৰ আৰু ধনৰ পাছত দৌৰে। যিকোনো উপায়ে পদোন্নতি লাভ আৰু ধন আহৰণেই সেইসকলৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য। ৰাজ্যবাসী তথা আৰক্ষী বাহিনীৰ প্ৰতি তেওঁলোকে কোনো দায়বদ্ধতা অনুভৱ নকৰে। অসমৰ বিষয়া এচামৰো মনোভাৱ তাতকৈ বিশেষ পৃথক নহয়। তেনেদৰেই অসম আৰক্ষী সেৱাৰ বহু বিষয়াৰ বাছনিয়েই সন্দেহৰ আৱৰ্তত।

ইতিমধ্যে অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ গোচৰত এনে বহু বিষয়া বৰ্খাস্ত হ’বলগীয়া হোৱাৰ বিষয়ে অসমবাসী অৱগত; কিন্তু কেৱল তদন্ত হোৱা সেই নিৰ্দিষ্ট বৰ্ষৰ বিষয়াসকলেই নহয়, আন আন বৰ্ষৰ লোকসেৱাৰ পৰীক্ষাৰ যদি নিৰপেক্ষ তদন্ত হয়, তেন্তে তেনে আৰু বহু বিষয়াৰ নাম পোহৰলৈ আহিব, যিসকলৰ বাছনি প্রক্রিয়াই অবৈধ।

গতিকে এনেবোৰ বিষয়াৰ দ্বাৰা অসম আৰক্ষী সঠিকভাৱে পৰিচালিত হ’ব বুলি আশা কৰিব পাৰি জানো? সেই বাবেই দিন যোৱাৰ লগে লগে নিজৰ কৃতকৰ্মৰ দ্বাৰাই অসম আৰক্ষীয়ে ৰাজ্যবাসীৰ আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছে।

অসম আৰক্ষী এই ৰাজ্যৰে এক বাহিনী; অর্থাৎ ই আমাৰ সকলোৰে অংশ। এই বাহিনী যিমানে শক্তিশালী হ’ব, সিমানে ৰাজ্যখনো শক্তিশালী হ’ব। চৰকাৰ যি দলৰেই নহওক, আৰক্ষী বাহিনীৰ নিৰপেক্ষতা আৰু দৃঢ়তা সদায় কাম্য। কিয়নো মূল প্রশ্নটো হৈছে, ৰাজ্য আৰু ৰাজ্যবাসীৰ সুৰক্ষা। চৰকাৰীভাৱে প্রকাশিত পৰিসংখ্যাই অসমত বিভিন্ন অপৰাধৰ ভয়াৱহতা দাঙি ধৰি আহিছে।

কাইলৈ হয়তো সেই পৰিসংখ্যা উন্নত হ’ব পাৰে; কিন্তু পৰিসংখ্যাতকৈও কার্যক্ষেত্ৰত নাগৰিকে নিৰাপদ অনুভৱ কৰাটোহে অধিক জৰুৰী। ৰাজ্যত এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে ঘৰৰ ভিতৰতে হওক অথবা বাহিৰতে হওক, যিকোনো মুহূৰ্তত যিকোনো লোক যিকোনো ধৰণৰ অপৰাধৰ বলি হ’বলগীয়া হ’ব পাৰে।

সেইবাবেই কোনেও এতিয়া আৰু নিজকে নিৰাপদ অথবা সুৰক্ষিত অনুভৱ নকৰে। আপাত দৃষ্টিত সকলো ব্যৱস্থা থকাৰ পাছতো এনে পৰিৱেশৰ সৃষ্টি হোৱাটোৱে সংশ্লিষ্ট কৰ্তৃপক্ষৰ চূড়ান্ত ব্যর্থতাকে উদঙাই দিয়ে। আৰক্ষী বাহিনীৰো সৰ্বাধিক ব্যর্থতা তাতেই। সেইবাবেই প্রশ্ন উত্থাপিত হয় যে অসমত এক নিষ্ঠাবান, সক্ৰিয় আৰু দুৰ্নীতিমুক্ত আৰক্ষী বাহিনী সম্ভৱ নহ’বই নেকি?

শীর্ষ মহলে দাবী কৰি অহা তথাকথিত সংস্কাৰৰ ফলাফলো শূন্য। উদ্দেশ্য সৎ নহ’লে যে সাফল্য লাভ কৰাটো সম্ভৱ নহয়, তাৰ ব্যাখ্যা নিষ্প্রয়োজন। এই ক্ষেত্ৰত এক সার্বজনীন উক্তি উচিতভাৱে খাপ খাই পৰে, অসম আৰক্ষীৰ সঞ্চালক প্রধানেও সততে এই উক্তি টুইট কৰা পৰিলক্ষিত হয়। সেয়া হৈছে— আপুনি যি বীজ ৰুব, তাৰেই ফল পাব।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesAssam Policepranjal sen deka
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d