Dhiren Baruah Admitted In Hospital:গুৱাহাটীপ্ৰাণ ধীৰেন বৰুৱা সংকট জনক অৱস্থাত চিকিৎসাধীন

clean ghy

Dhiren Baruah Admitted In Hospital:

অসমৰ সমাজবাদী আন্দোলনৰ এগৰাকী অক্লান্ত সংগ্ৰামী, চেভ গুৱাহাটী বিল্ড গুৱাহাটী, বিশ্বৰ প্ৰথমখন চহৰীয়া মঞ্চ বিহু গুৱাহাটী বিহু সন্মিলনী,ড০বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক, শৰাইঘাট দলং, স্বাধীনোত্তৰ ভাৰতৰ প্ৰথমটো ৰিফাইনেৰী নুনমাটিৰ গুৱাহাটী ৰিফাইনেৰীকে ধৰি বিভিন্ন আন্দোলনৰ নেতৃত্ব বহন কৰা, গুৱাহাটীত বৰ্তমান জাইকাৰ দ্বাৰা চলি থকা বিশুদ্ধ খোৱা পানী যোগানৰ দাবীৰ বাবে ২০০৭ আৰু ২০০৯ চনত নতুন দিল্লীলৈ যোৱা ৯ জনীয়া চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়াকে ধৰি বিগত প্ৰায় আঠটা দশকে অসমৰ বিভিন্ন সমস্যাৰ সমাধানৰ হকে উদ্দাত্ত কন্ঠেৰে মাত মাতি অহা আজন্ম সেণানী গুৱাহাটী প্ৰাণ ধীৰেন বৰুৱা গুৰুতৰ ভাৱে অসুস্থ হৈ যোৱা ১০ মে’ৰ পৰা সংকটজনক অৱস্থাত গুৱাহাটীৰ এপল’ হস্পিতেলৰ তৃতীয় মহলাৰ ৩৩৪ নম্বৰ ৰূমত চিকিৎসাধীন হৈ আছে বুলি চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে আজি ইয়াত প্ৰকাশ কৰে।

প্ৰেছ বিজ্ঞপ্তিত কৈলাশ শৰ্মাই এই ক্ষণজন্মা প্ৰবাদপুৰুষ গৰাকীৰ অধিক উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ লগতে বৰুৱাৰ জীৱনৰ এই সন্ধিক্ষণত তেখেতে ৰাজ্যবাসী লৈ আগবঢ়োৱা নিৰন্তৰ কৰ্মৰাজিৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা এক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীক অনুৰোধ জনায়।

Exit mobile version