Student Protest:হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি পৰিবহন মন্ত্ৰীলৈ পত্ৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত বাট-পথৰ দাবী ছাত্ৰ সমাজৰ

student protest 2

Student Protest:

ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত পথৰ ব্যবস্থা কৰিবলৈ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক আহ্বান জনাইছে ৰাজ্যৰ ছাত্র সমাজে। ছাত্ৰ-ছাত্ৰী সকলে যাতে নিৰাপদে চাইকেল চলাই , খোজ কাঢ়ি নিজ নিজ শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰিব পাৰে সেইটো নিশ্চিত কৰিবলৈ ছাত্ৰ-সমাজে পৰিবহন মন্ত্ৰীক আহ্বান জনায় ৷

ৰাষ্ট্ৰসংঘৰ বিশ্ব পথ সুৰক্ষা সপ্তাহ (১৫ মে পৰা ২১ মে) ৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত, কনজিউমাৰ ভয়েচ নতুন দিল্লী আৰু সেউজ অসমৰ সহযোগত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে স্বাক্ষৰ কৰা এই আহ্বান সম্বলিত এক পত্ৰ সোমবাৰে পৰিবহণ মন্ত্ৰী শুক্লবৈদ্যক প্ৰদান কৰা হয়।

এই পত্ৰযোগে গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ কাষত থকা পথত ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ দাবী জনোৱা হয়। ইয়াৰ পূৰ্বে বিশ্ব পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ টিচি চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাতগাওঁ উচ্চ বিদ্যালয়ৰ প্ৰায় চাৰি শতাধিক ছাত্র-ছাত্ৰীৰ দ্বাৰা এক সমদল উলিয়াওৱা হয়।

‘বিদ্যালয়ৰ ওচৰত বাহনৰ গতি বেগ নিয়ন্ত্ৰণ কৰক’, ‘আপোনাৰ বাহনৰ গতিবেগ আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ’, ‘বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰি আমাৰ ভবিষ্যত সুৰক্ষিত কৰক’, ‘বিদ্যালয়ৰ ওচৰত দ্বায়িত্ব সহকাৰে বাহন চলাওক’, ‘ছাত্র-ছাত্ৰীৰ বাবে পথ সুৰক্ষিত কৰি তোলক’ আদি শ্লোগান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ছাত্ৰ-ছাত্ৰী সকলে সমদলত অংশ লয়।

পৰিবহন মন্ত্ৰী শুক্লবৈদ্যলৈ প্ৰেৰণ কৰা পত্ৰখনত ছাত্র সমাজে কয়,বিদ্যালয় পূর্ণ গতিত চলি থকা সময়ত বিদ্যালয়ৰ দাঁতি কাষৰীয়া বাট পথত সৃষ্টি হোৱা ভয়াবহ যান-যটে ছাত্র-ছাত্ৰীৰ জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে। এনে যান-যটে দুৰ্ঘটনাৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে। গুৱাহাটীৰ বহু বিদ্যালয়ৰ কাষত উপযুক্ত ফুটপাথ আৰু জেব্ৰা ক্ৰছিংৰ ব্যৱস্থা নাই।

ফলত বাধ্যহৈ মূল পথেদি খোজ কাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে ছাত্ৰ-ছাত্ৰী সকলে। আন্তঃগাঁথনিৰ এনে অভাৱৰ ফলত ছাত্র-ছাত্ৰী সকলে পথত চলাচল কৰি থকা যান বাহনৰ পৰা যিকোনো মুহূৰ্তত বিপদত পৰাৰ আশংকা থাকে। গুৱাহাটীৰ অধিকাংশ বিদ্যালয়ৰ কাষত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই। ফলত দুৰ্ঘটনাৰ আশংকা অধিক বৃদ্ধি হৈছে।

বিদ্যালয়লৈ অহা যোৱা সময়ত ব্যস্ত বাট-পথ পাৰ হোৱাৰত সহায় কৰিব পৰাকৈ ট্ৰেফিক সহায়কাৰীৰ ব্যৱস্থা থাকিলে দুৰ্ঘটনাৰ আশংকা হ্ৰাস পোৱাৰ লগতে ছাত্র-ছাত্ৰী সকলে নিৰাপদে পথ পাৰা-পাৰ হব পাৰে।

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই শিক্ষানুষ্ঠানৰ কাষৰ পথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ কাৰণে উন্নত মানৰ স্পীড বেকাৰ, ছাত্ৰ-ছাত্ৰীয়ে যাতে নিৰাপদে বিদ্যালয়লৈ খোজ কাঢ়ি অহা-যোৱা কৰিব পাৰে বা পথ পাৰা-পাৰ হব পাৰে তাৰ বাবে উপযুক্ত পদপথ আৰু জেব্ৰা ক্ৰছিং, যান-বাহন নিয়ন্ত্ৰনৰ বাবে শিক্ষানুষ্ঠানৰ সন্মুখত উপযুক্ত ট্ৰেফিক চিগনেল আৰু সাংকেতিক চিহ্নি যুক্ত স্থায়ী চাইনবোৰ্ডৰ ব্যৱস্থা কৰি ছাত্র-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।

Exit mobile version