NFSU Guwahati Campus:ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন

শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰত ভাৰ্ছুৱেলী স্থাপন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

kalakhetra 1

NFSU Guwahati Campus:

বৃহস্পতিবাৰে মহানগৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গৃহমন্ত্ৰী গৰাকীয়ে ভাৰ্ছুৱেলী আধাৰ শিলা স্থাপন কৰা ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদ স্থায়ীভাৱে প্ৰায় ৩০০ কোটি ব্যয়ৰে ৫০ একৰ ভূমিত নিৰ্মাণ হ’ব উত্তৰ গুৱাহাটীৰ চাংসাৰি মলঙত ৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,আধাৰশিলা স্থাপন হোৱা ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ে অঞ্চলটোত অপৰাধীক অভিযুক্ত কৰাৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাপে বিবেচিত হ’ব ৷ বিশ্ববিদ্যালয় খনত বিভিন্ন বিভাগত ২০০০ খন আসন শিক্ষাৰ্থী বাবে মুকলি থাকিব ৷

সদ্যহতে গুৱাহাটী চৌহদ স্থায়ীভাৱে নিৰ্মাণ হৈ নুঠালৈকে পাঠ্যক্ৰম সমূহ অস্থায়ীভাৱে আৰম্ভ হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদৰ পৰা ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে চাংসাৰিৰ মলঙত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব ২০২৬ ৰ মাজভাগত ৷

উল্লেখ্য যে,এই সভাতে অসম ‘আৰক্ষী সেৱা সেতু‘এপ মুকলি কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ মনকৰিবলগীয়া যে,এই এপ মুকলি হোৱাৰ পাছতে অসম আৰক্ষীৰ এই এপৰ জৰিয়তে দিব পাৰিব এজাহাৰ। ঘৰতে বহি গুৰুত্বৰ অপৰাধৰ এজাহাৰ দিব পাৰিব ৷আনহাতে এই পৰ্টেলৰ জৰিয়তে ২৬টা সেৱা উপলব্ধ হ’ব।

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে কয়,আজি গুৱাহাটীত আধাৰশিলা স্থাপন হোৱা ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদে উত্তৰ পূৰ্বাঞ্চল শিক্ষাৰ্থী সকলে দিল্লী বা দেশৰ আন স্থানলৈ নোযোৱাকৈয়ে ফৰেনছিক বিজ্ঞানৰ পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় ৷

পৰৱৰ্তী সময়ত শিক্ষাৰ্থী সকল এজন সফল ফৰেনছিক বিশেষজ্ঞ হৈ উঠিব বুলি উল্লেখ কৰে ৷ আনহাতে এই বিশ্ববিদ্যালয় খনত উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া দেশৰ লগতে নেপালৰ শিক্ষাৰ্থীয়ে পঢ়াৰ সুবিধা লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে ৷ ফৰেনছিক বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদ দেশৰ এঘাৰ সংখ্যক চৌহদ বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ৷

গাম্ভীৰ্যপূৰ্ণ সভাখনত কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ কে’বাগৰাকী কেবিনেট মন্ত্ৰী সহ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জয়ন্ত ব্যাস উপস্থিত থাকে ৷

Exit mobile version