Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, অনুষ্ঠান বৰ্জন কৰিলে বিৰোধী দলে

n.modi 1

Pm Narendra Modi To Open New Parliament Building:

বিৰোধী দলসমূহৰ নেতৃত্বই বৰ্জন কৰিলেও দেওবাৰে নিৰ্ধাৰিত সূচী অনুসৰি বিভিন্ন আগশাৰীৰ ব্যক্তি, ধৰ্মীয় মুৰব্বী আৰু ৰাজনৈতিক নেতাসকলৰ উপস্থিতিত সম্পূৰ্ণ বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন
উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

উল্লেখ্য যে অনুষ্ঠানলৈ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ নকৰি চৰকাৰে পৰম্পৰা ভংগ কৰাৰ অভিযোগ তুলি ইতিমধ্যে বিৰোধী তীব্র সমালোচনাত সৰৱ হৈ পৰিছে।

অৱশ্যে বিৰোধী দলসমূহৰ নেতৃত্বই বৰ্জন কৰিলেও আজি নিৰ্ধাৰিত সূচী অনুসৰি বিভিন্ন আগশাৰীৰ ব্যক্তি, ধৰ্মীয় মুৰব্বী আৰুৰাজনৈতিক নেতাসকল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

মনকৰিবলগীয়া যে, লোকসভাৰ অধ্যক্ষৰ চকীৰ আসনৰ কাষত ব্ৰিটিছৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক ছেংগল স্থাপন কৰা হয়। এই উপলক্ষে আজি পুৱাৰে পৰাএখন সর্বধর্ম প্রার্থনা সভাও অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী অনুষ্ঠানত ২৫ পইচাৰ বিশেষ মুদ্ৰা মুকলি কৰে।

স্মতৰ্ৱ্য যে,নতুন সংসদ ভৱন নিৰ্মাণত দেশৰ বিভিন্ন ৰাজ্যৰ বিশেষ উপকৰণ সংগ্ৰহ কৰা হৈছিল । সেই অনুসৰি নাগপুৰৰ চেগুন কাঠৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশৰ মির্জাপুৰৰ পৰা অনা কার্পেট আদি সকলো আছে নতুন সংসদ ভৱনত। দেশজুৰি বিভিন্ন ৰাজ্যৰ আগশাৰীৰ শিল্পীসকলক এই কামত নিয়োজিত কৰা হৈছে।

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক তুলি ধৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি সূত্ৰত প্ৰকাশ। উদাহৰণ হিচাপে ৰাজস্থানৰ সৰমথুৰাৰ পৰা ৰঙা আৰু বগা মাৰ্বল পাথৰ আদি ব্যৱহাৰ কৰা হৈছে। ইয়াত ব্যৱহাৰ কৰা চেগুন কাঠ অনা হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা। সংসদৰ দলিচাসমূহ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ পৰা অনা হৈছে।

উদয়পুৰৰ পৰা সেউজীয়া মাৰ্বল পাথৰ, আজমিৰৰ পৰা ৰঙা গ্ৰেণাইট পাথৰ আৰু ৰাজস্থানৰ আমবাজিৰ পৰা অনা হৈছে বগা মাৰ্বল পাথৰ । আনহাতে, নতুন সংসদ ভৱনৰ লোকসভা আৰু ৰাজ্যসভাৰ ‘ফল্‌ছ চিলিং নিৰ্মাণত ব্যৱহৃত ইস্পাতসমূহ কেন্দ্রীয় শাসিত অঞ্চল দমন আৰু ডিউৰ পৰা অনা হৈছে।

একেদৰে নতুন সংসদ ভৱনৰ অশোক স্তম্ভত ব্যৱহৃত সামগ্ৰীসমূহ মহাৰাষ্ট্ৰৰ ঔৰংগবাদ আৰু ৰাজস্থানৰ জয়পুৰৰ পৰা অনা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় বালি হাৰিয়ানাৰ ছৰখি দাদৰিৰ পৰা অনা হৈছে আৰু ইটা অনা হৈছে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ পৰা।

উল্লেখযোগ্য নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উদ্বোধনী বিৰোধিতা কৰিছিল। আনহাতে এন ডি এৰ অংশীদাৰসকলে ইয়াক সমৰ্থন কৰিছে। একে সময়তে, পাঁচটা অ-ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) দল আছে যিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে।

২০ টাতকৈও অধিক বিৰোধী দলে এই উদ্বোধনী অনুষ্ঠানটো বৰ্জন কৰাৰ সিদ্ধান্ত লৈ তেওঁলোকে মন্তব্য প্ৰকাশ কৰি কৈছিল যে, নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা উদ্বোধন কৰা উচিত আছিল।

আজি ঐতিহাসিক সংসদৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ দলসমূহৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ ৩৯৪ জন সাংসদ, শিৱসেনা (একনাথ শিন্দে গোট)ৰ ১৫ জন সাংসদ, নেচনেল পিপলছ পাৰ্টি, মেঘালয়ৰ ২জন, নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ ১জন, ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ ১ জন ,জননায়ক জনতা পাৰ্টি ১,এ আই ডি এম কেৰ ৫ জন, আই এম কে এম কে আৰু আজছুৰ ১ জনকৈ ,আৰ পি আইৰ (আঠৱালে)১ জন ,মিজো নেচনেল ফ্ৰণ্টৰ ২ জন, তামিল মানিলা কংগ্ৰেছৰ ১ জন , পাট্টালি মাক্কাল কাচ্চিৰ ১জন,মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টি,
আপনা দলৰ ২ জন, সাংসদ,অসম গণ পৰিষদৰ ১ জন সাংসদ উপস্থিত থকাৰ বিপৰীতে এন ডি এক সমৰ্থন কৰি উপস্থিত থাকে লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ ১ জন সাংসদ, বিজু জনতা দলৰ ২১ জন, বহুজন সমাজ পাৰ্টিৰ ১০ জন, তেলেগু দেশম পাৰ্টিৰ ৪ জন, ৱাই এছ আৰ চি পিৰ ৰ ৩১ জন সাংসদ ৷

আনহাতে অনুষ্ঠান বৰ্জন কৰা বিৰোধী দল সমূহ হ’ল কংগ্ৰেছৰ ৮১ জন সাংসদ,ডি এম কেৰ ৩৪ , শিৱসেনা-ইউবিটিৰ ৭ জন সাংসদ, আম আদমী পাৰ্টিৰ ১১ জন ,সমাজবাদী পাৰ্টিৰ ৬ জন,চি পি আইৰ ৪ জন, জে এম এমৰ ২জন , কেৰালা কংগ্ৰেছ-মণিৰ ২ জন, বিদুথালাই চিৰুথিগাল কাচ্চিৰ ১ জন ,ৰাষ্ট্ৰীয় লোক দলৰ ১ জন,তৃণমূল কংগ্ৰেছৰ ৩৫ জন ,জনতা দল (ইউনাইটেড)ৰ ২১ জন ,এন চি পিৰ ৯ জন ,চি পি আই এমৰ ৮, আৰ জে ডিৰ ৬ জন, আই ইউএম এলৰ৪ জন ,সাংসদ
নেচনেল কনফাৰেন্সৰ ৩ জন , আৰএছ পিৰ ১ ,এম ডি এম কেৰ ১ জন আৰু এই এআই এম আই এম ৰ ২জন সাংসদ৷
উল্লেখ্য যে,নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,কে’বা গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ,সেনা বাহিনীৰ তিনিও শাখাৰ মুৰব্বী ,বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে ৷

Exit mobile version