AGP Meeting In Dibrugarh:ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

আগন্তুক দিনত অসমৰ ৰাজনীতিত অগপ অনন্য শক্তি বিবেচিত হ’বঃ অতুল বৰা

agp2

AGP Meeting In Dibrugarh:

অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ কৰ্মোদ্যম আৰু উৎসাহেৰে অসমৰ প্ৰতিটো লোকসভা সমষ্টিত অগপই আয়োজন কৰি অহা লোকসভা সমষ্টি ভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলন আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত কেইবা সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু কৰ্মীৰ উপস্থিতিত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়।

সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক তথা বিধায়ক পোনাকন বৰুৱাই । সন্মিলনৰ আৰম্ভনিতে জালুকবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত সাত গৰাকী শিক্ষাৰ্থীৰ অকাল বিয়োগত দুখ প্ৰকাশ কৰি মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

সন্মিলনত সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ জনগণক জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে ৰাজনৈতিকভাৱে সুসংগঠিত কৰি অসম আৰু অসমীয়াৰ স্বাধিকাৰ সুৰক্ষিত কৰাই অসম গণ পৰিষদ দলৰ মূল লক্ষ্য। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ নিৰ্বাচনী যুঁজত অসম গণ পৰিষদক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰোৱাটো অগপৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ মুখ্য দায়িত্ব।

সেয়েহে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অগপৰ প্ৰতি থকা মৰম আৰু আশীৰ্বাদক শিৰোধাৰ্য কৰি ডিব্ৰুগড় লোকসভা সমষ্টিত দলটোৰ সংগঠনৰ প্ৰতিটো স্তৰ শক্তিশালী কৰাত দলীয় কৰ্মকৰ্তাসকলক নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। বৰাই দৃঢ়তাৰে কয় যে, আগন্তুক দিনত অসমৰ ৰাজনীতিত অসম গণ পৰিষদ দল এক অনন্য শক্তি হিচাপে পৰিগণিত হ’ব আৰু ৰাজ্যখনৰ বিকাশৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাব।

সভাপতি বৰাই লগতে পোৱা-নোপোৱাৰ হিচাপ নকৰি বৰ্তমানক লগত লৈ ভৱিষ্যতমুখী দৃষ্টিভংগী আৰু জাতীয়তাবাদী চিন্তাৰে জাতিটোৰ হকে, অগপৰ হকে উৎসৰ্গিত মনোভাবেৰে কাম কৰি যাবলৈ কৰ্মীসকলক আহ্বান জনায়। সভাত দলৰ কৰ্মকৰ্তাসকলৰ উদ্যম আৰু তৎপৰতা দেখি বৰাই অনাগত দিনবোৰত ডিব্ৰুগড় লোকসভা সমষ্টিত অসম গণ পৰিষদে সবল ৰূপত উজ্জীৱিত হৈ উঠিব বুলি মন্তব্য কৰে।

কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সভাপতি অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত অসম গণ পৰিষদ অপ্ৰতিৰোধ্য শক্তিৰে প্ৰাণৱন্ত হৈ উঠিছে বুলি মন্তব্য কৰে। তৃণমূল পৰ্যায়ৰ দলটো সুসংগঠিত কৰা কৰ্মকৰ্তা সকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত দুৰন্ত গতি লাভ কৰিছে বুলি কৈ কাৰ্য্যকৰী সভাপতি মহন্তই লগতে এই নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখি অধিক গতিশীলতাৰে দলটোক জনমুখী কৰি সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত নিৰঙ্কুশ বিজয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূৰ্ণোদ্যমেৰে প্ৰস্তুতি চলোৱাৰ বাবে সকলো দলীয় কৰ্মকৰ্তাকে আহ্বান জনায়।

সন্মিলনত জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে তৃণমূল পয্যায়ৰ পৰা দলৰ সাংগঠনিক ভেটি মজবুত কৰাত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰে আৰু দলটোক সৰ্বস্তৰতে শক্তিশালী কৰিবৰ বাবে দলীয় কৰ্মীসকলক মুকলি আহ্বান জনায়। সভাত দলৰ সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাইয়ো দলীয় সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সন্মিলনতে অসম গণ পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া দীপক বৰুৱা আৰু কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নৰেন্দ্ৰ মহেলাই দলত যোগদান কৰে।

সভাত শলাগৰ শৰাই আগবঢ়ায় কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সুনীল ৰাজকোৱঁৰে। সন্মিলনত বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰী , উপসভাপতি কুমাৰ দীপক দাস, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সত্যব্ৰত কলিতা আৰু সম্পাদক প্ৰবীন দত্ত, অতুল কোচঁ, সম্পাদক বিত্ত জয়ন্ত খাউণ্ড, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকল, ভাতৃ আৰু ভগ্নী পৰিষদ সমূহৰ সভাপতি সকল আৰু সভানেত্ৰী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অৰ্ন্তগত সাংগঠনিক জিলা সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল, বিধান পৰিষদ সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল উপস্থিত থাকে।

Exit mobile version