SCERT Scam Portel Journalist Arrested: ১০৫ কোটিটকীয়া কেলেংকাৰীৰ স’তে নাম সাঙোৰ খোৱা দুই সাংবাদিক সহ চাৰি আৰ টি আই কৰ্মীক গ্ৰেপ্তাৰ

scam 1

SCERT Scam Portel Journalist Arrested:

ৰাজ্যৰ বহুচৰ্চিত এছ ছি ই আৰ টিৰ ১০৫ কোটিটকীয়া কেলেংকাৰীৰ স’তে জড়িত থকাৰ অভিযোগত ইতিমধ্যে কাৰাগাৰত থকা আই এছ এ বিষয়া শেৱালী দেৱী শৰ্মাৰ স্বীকাৰোক্তি ভিত্তিত নাম সাঙোৰ খাইছে দুই সাংবাদিক সহ আৰ টি আই কৰ্মী ৷
উল্লেখ্য যে,এগৰাকী যুৱতী সাংবাদিক সহ দুজন সাংবাদিক আৰু আৰ টি কৰ্মী এই কেলেংকাৰীত জড়িতক লৈ যোৱা কেইবাদিনো ধৰি বিশেষ চৰ্চা বিষয় হৈ পৰিছিল ৷

ADVERTISEMENT

আনকি উদ্থাপিত অভিযোগ অনুসৰি এছ ছি ই আৰ টিৰ নিলম্বিত সঞ্চালিকা শেৱালী দেৱী শৰ্মাৰ পৰা দুই সাংবাদিক আৰু এটা সংবাদ প্ৰতিষ্ঠানৰ বিশেষ দায়িত্ব প্ৰাপ্ত বিষয়া সহ আৰ টি আই কৰ্মীয়ে বৃহৎ অংকৰ ধন লৈছিল ৷ এই সম্পৰ্কত ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে সোধপোচ চলাই থকাৰ মাজতে আজি দুই পৰ্টেল সাংবাদিক ক্ৰমে পূজামণি দাস আৰু ভাস্কৰ হাজৰিকাৰ লগতে আৰ টি আই কৰ্মী অনুপ শইকীয়া আৰু ৰবিজিত গগৈক গ্ৰেপ্তাৰ কৰে তদাৰকী কোষে ৷

প্ৰাপ্ত খবৰ অনুসৰি আই এছ এ বিষয়া শেৱালী দেৱী শৰ্মা আৰু তেওঁৰ জোঁৱায়েক আৰু ঘনিষ্ঠ ঠিকাদাৰে বিয়াগোম কেলেংকাৰী সংঘটিত কৰাৰ পাছত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ পৰা বাচিবলৈ হঠাতে আত্মগোপন কৰিছিল ৷

আত্মগোপন হৈ থকাৰ সময়ত শেৱালি দেৱী শৰ্মাৰ পৰা আৰ টি আই কৰ্মী আৰু সাংবাদিক দুজনে দাবী কৰি ধন লৈছিল ৷
ইতিমধ্যে মুখ্যমন্ত্ৰী তদাৰকী কোষে তদন্তত এই তথ্য সংগ্ৰহ কৰিছে ৷

Exit mobile version