Cm Pressmeet In Janata Bhawan:সৰিয়হৰ সমৰ্থনমূল্য নিৰ্ধাৰণ চৰকাৰৰ

প্ৰতিকুইণ্টল সৰিয়হৰ মূল্য ৫,৪৫০ টকা ধাৰ্য, ধান ক্ৰয় কেন্দ্ৰতে বিক্ৰী কৰিব পাৰিব সৰিয়হ, সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

cm 1

Cm Pressmeet In Janata Bhawan:

কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে । সৰিয়হৰ সমৰ্থন মূল্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে চৰকাৰে। প্ৰতি কুইণ্টল সৰিয়হৰ মূল্য ৫,৪৫০ টকা ধাৰ্য। বৰ্তমান মূল্যতকৈ এহেহাজাৰ টকা অধিক দাম লাভ কৰিব কৃষকে

একেদৰে ধান ক্ৰয় কেন্দ্ৰতে কৃষকে পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব সৰিয়হ । অহা এসপ্তাহৰ ভিতৰত কাৰ্যক্ষম হ’ব প্ৰতিটো সৰিয়হ ক্ৰয় কেন্দ্ৰ।

উল্লেখ্য যে,৫০ লাখ মেট্ৰিকটন সৰিয়হ ক্ৰয়ৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আনহাতে এই সম্পৰ্কীয় বাজেটৰ বাবে ধাৰ্য কৰা হৈছে প্ৰয়োজনীয় পুঁজি। কৃষকে সৰিয়হ বিক্ৰী কৰাৰ তিনিদিনৰ ভিতৰত একাউণ্ট যোগে লাভ কৰিব ধন । আনহাতে কৃষকে বিচাৰিলে প্ৰদান কৰা হ’ব সৰিয়হৰ বীজ।

আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, ” ৰাজ্য চৰকাৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ ধান ক্ৰয় কৰাৰ কথা৷ ধান ক্ৰয়ৰ দৰে সৰিয়হ ক্ৰয়ৰ কথাও কৈছিলোঁ ৷

প্ৰতি কুইণ্টল সৰিয়হ ৪৫০০.০০ টকা বজাৰত বিক্ৰী হয় ৷ আমি কিনিম ৫৪৫০.০০ টকাত। সৰিয়হ কিনাৰ কেন্দ্ৰ পৃথককৈ নকৰো৷ ৯২টা ধান ক্ৰয় কেন্দ্ৰতে কৃষকে সৰিয়হ বিক্ৰী কৰিব পাৰিব । মুঠ ১০১ টা সৰিয়হ বিক্ৰী কেন্দ্ৰত বিক্ৰী কৰিব পাৰিব। সৰিয়হ বিক্ৰীৰ ধন তিনি দিনৰ ভিতৰতে কৃষকে নিজৰ একাউণ্টত পাব। এইবাৰ আমি ৪৫ লাখ মেট্ৰিক টন সৰিয়হ কিনাৰ লক্ষ্য লৈছোঁ।”

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কৃষকক শস্যৰ সমৰ্থন মূল্য দিবলৈ চেষ্টা কৰা হৈছে । তেওঁ লগতে কম দিনৰ ভিতৰতে দুগ্ধ পালকসকলকো ৰাজ সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰে । প্ৰতি লিটাৰত ৫ টকাকৈ ৰাজসাহায্য দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । তেওঁ কয়– ”কৃষকক শোষণ কৰিব দিব নোৱাৰোঁ ।

উদ্যোগীয়ে কৃষকক উচিত মূল্য দিব লাগিব। চৰকাৰে কৃষকে উচিত মূল্য পোৱাৰ বাবেই বজাৰত হস্তক্ষেপ কৰিছে। গাখীৰৰ ৰাজ সাহায্য বছৰত এবাৰতে একেলগে পাব।”

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এইবাৰ ৰাজ্যৰ ৫৮ হাজাৰ কৃষকে ধান বিক্ৰী কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, চৰকাৰে এইবাৰ পাঁচ লাখ ৭০ হাজাৰ মেট্ৰিক টন ধান কিনিছে ৷ আনহাতে ধান এইবাৰ বেছি উৎপন্ন হৈছে কাৰ্বি আংলং আৰু ধেমাজিত ৷

Exit mobile version