Rupahihat Revenue Circle Office: ৰূপহী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ লাট মণ্ডলক ৰক্ষনাবেক্ষন দিয়াৰ অভিযোগ

rupohi4

Rupahihat Revenue Circle Office:

নগাঁৱৰ ৰূপহী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ লাট মণ্ডলক ৰক্ষনাবেক্ষন দিয়াৰ অভিযোগ। প্ৰায় দুই ঘণ্টা ধৰি কাৰ্যালয়ৰ মূল প্ৰবেশ দ্বাৰৰ গ্ৰীলৰ তলা লগাই অভিযোগকাৰীক অশ্লীল গালি গালাজ পাৰি ল’লে দলিলত চহী।

প্ৰাপ্ত তথ্য মতে নাঙলধোৱা গাঁৱৰ এজন সাধাৰণ খেতিয়ক চিৰাজ আলীৰ পিতৃৰ সম্পত্তিৰ পৰা কোনো জাননী নিদিয়াকৈ নামজাৰি কৰ্তন কৰিছিল লাট মণ্ডল নুৰুজ জামান সৰকাৰ ওৰফে বাবু মণ্ডলে ৷

সেয়েহে আজি চিৰাজ আলীয়ে নিজৰ ভনীয়েকক লগত লৈ ৰূপহী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈ লাট মন্ডলক সোধোতেই হুলস্থূলৰ সৃষ্টি হয়।

পাছত লাটমণ্ডল নুৰজামাল সৰকাৰে কাৰ্যালয়ৰ গেট বন্ধ কৰি প্ৰায় দুই ঘণ্টা আবদ্ধ কৰি ৰাখি অভিযোগ কাৰীক অশ্লীল গালি গালাজ পাৰি জুৰ জোলুম কৰি দলিলত চহী লয় বুলি চিৰাজ আলীৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সেই সময়ত কাৰ্যালয়ত উপস্থিত থকা শতাধিক ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হয় য়ে এজন লাটমণ্ডলে এটা লাটত ১০ বছৰ কেনেকৈ থাকে।

কাৰ ছত্ৰছায়াত ,কাক মেনেজ কৰি এটা লাটত ১০ বছৰ ধৰি নিয়োজিত হৈ আছে বাবু মণ্ডল। সাধাৰণ ৰাইজক কাৰ্যালয়ত আবদ্ধ কৰি অভিযোগ কাৰীক অশ্লীল গালি গালাজ পাৰি জুৰ জোলুম কৰি দলিলত চহী লোৱা কাৰ্যক তীব্ৰ প্ৰতিবাদ কৰিছে সাধাৰণ ৰাইজ।

কমিচনৰ অংকত চলে ৰূপহী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়। এই অভিযোগ সাধাৰণ ৰাইজৰ। ইতিমধ্যে জুৰীয়া আৰক্ষী থানাত দুয়ো পক্ষই দাখিল কৰিছে এজাহাৰ

ইফালে ভূক্তভোগী লোক জনে মিছাৰ আশ্ৰয় লোৱা বুলিহে চক্ৰ বিষয়াৰ মন্তব্য কৰে । আনহাতে  সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে কি তদন্ত কৰে সেয়া সময়ত হ’ব লক্ষনীয় ।

Exit mobile version