Guwahati High Court:আজি মুক্তি নহয় ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’

উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰযোজক শৈলেন কুমাৰ শৰ্মা, কামৰূপ চেছন ন্যায়াধীশ আদালতে ১৫ জুলাইলৈ মুক্তিত বাধাআৰোপৰ বাবে দ্বাৰস্থ শৰ্মাৰ, সোমবাৰে উচ্চ ন্যায়ালয়ত হ’ব গোচৰটোৰ পৰৱৰ্তী শুনানি

ravi sarma

Guwahati High Court:

আজি মুক্তি নহয় জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহুচৰ্চিত ‘শ্রীৰঘুপতি’ চিনেমা খন ৷ কামৰূপ মহানগৰ জিলা সত্ৰ আৰু চেছন ন্যায়াধীশ আদালতে ১৫ জুলাইলৈ চিনেমা খন প্ৰদৰ্শনত বাধাআৰোপ কৰাৰ বাবে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় প্ৰযোজক শৈলেন কুমাৰ শৰ্মা ৷

সোমবাৰে উচ্চ ন্যায়ালয়ত গোচৰটোৰ পৰৱৰ্তী শুনানি দিন ধাৰ্য  ৷ এই শুনানিৰ পাছতহে সিদ্ধান্ত হ’ব কেতিয়া মুক্তি লাভ কৰিব ছবিখনে ৷ সেই কথা সদৰি কৰে প্ৰযোজক শৈলেন কুমাৰ শৰ্মাই ৷

উল্লেখ্য যে, বহু চৰ্চিত অসমীয়া কথাছবি ‘শ্ৰী ৰঘপুতি’ মুক্তিত বৃহস্পতিবাৰে অনিৰ্দিষ্টকালৰ বাবে চিনেমাখন মুক্তিত বাধা আৰোপ কৰিছিল কামৰূপ মহানগৰ চেছন ন্যায়াধীশ আদালতে।

উল্লেখযোগ্য শুক্ৰবাৰে সমগ্ৰ দেশত মুক্তিলাভ কৰাৰ কথা আছিল ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি ছবি খন। চিনেমাখনৰ মুক্তিৰ পূৰ্বে কালি চেছন ন্যায়াধীশৰ আদালতে এই নিৰ্দেশনা প্ৰদান কৰিছিল।

প্ৰাপ্ত খবৰ অনুসৰি চিনেমাখনৰ পূৰ্বৰ প্ৰযোজক সুৰয শৰ্মাৰ সৈতে ৰবি শৰ্মাই চুক্তি উলংঘা কৰাৰ অভিযোগ উদ্থাপন কৰি শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যয়াধীশ আদালতত এক গোচৰ তৰিছিল ৷ অভিযোগ অনুসৰি শ্ৰী ৰঘুপতি চিনেমাখন নিৰ্মাৰ বাবে পূৰ্বে সুৰয শৰ্মাৰ ‘ল’কাচ ক্ৰিয়েটিভ প্ৰডাকশ্বনৰ হৈ অগ্ৰীম ধন প্ৰদান কৰিছিল।

মনকৰিবলগীয়া যে,চলচিত্ৰ খন ল’কাচ ক্ৰিয়েটিভ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰাৰ লগতে শুভ মুক্তি দিয়াৰ সম্পৰ্কতো চুক্তি হৈছিল যদিও পৰৱৰ্তী সময়ত সেই চুক্তি ভংগ কৰি ‘শ্ৰীৰঘুপতি’ চিনেমাখন শৈলেন কুমাৰ শৰ্মাৰ ‘মণিৰত্ন এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত শুভমুক্তি দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলে ।

যাৰবাবে পূৰ্বৰ চুক্তি ভংগ কৰাৰ অভিযোগ কৰি সুৰয শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মা কামৰূপ মহানগৰ জিলা সত্ৰ আৰু চেছন ন্যায়াধীশ আদালতত গোচৰ ৰজু কৰে।

আনহাতে চলচিত্ৰ খন নিৰ্ধাৰিত সময়ত মুক্তিৰ বাবে মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ হৈ ময়ূৰাক্ষী শৰ্মাই আদালতত আৱেদন কৰিছিল যদিও আদালতে ধৃতিমান শৰ্মা আবেদন খনৰ সপক্ষে ৰায় প্ৰদান কৰি অনিৰ্দিষ্ট কাললৈ চিনেমাখন প্ৰদৰ্শনত বাধাআৰোপ কৰে।

Exit mobile version