kokrajhar :ওড়িশাৰ দৰে অনুৰূপ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে’ল !

কোকৰাঝাৰৰ ফকীৰগ্ৰামত ইঞ্জিন গুচি গ'ল, দবা থাকি গ'ল

kokrajhar

kokrajhar :

ওড়িশাৰ দৰে অনুৰূপ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন ৰে’ল। চলন্ত অৱস্থাতে এখন নামনিমুৱা মালবাহী ৰে’লৰ ইঞ্জিন খুলি যায় কোকৰাঝাৰৰ ফকীৰগ্ৰামত। ইঞ্জিন গুচি গ’ল, দবা থাকি গ’ল।

কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ পশ্চিম দিশত প্ৰায় এক কিলোমিটাৰ দূৰত্বত শনিবাৰে ৰে’লখনৰ ইঞ্জিন খুলি যোৱাৰ পিছতো আগবাঢ়ি গৈ থাকিল ইঞ্জিন ৷ ইপিনে ৰে’লৰ ট্ৰেকতে ৰৈ গ’ল ডবা।

উল্লেখ্য যে,প্ৰায় ৬০০ মিটাৰমান আগবাঢ়ি গৈছিল ৰে’লখনৰ ইঞ্জিন। অনাকাংক্ষিত এই ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়া বৰ্গ ৷

অৱশ্যে এঘণ্টা পিছত ইঞ্জিন সংযোজন কৰি পুনৰ যাত্ৰা কৰে মালবাহী ৰে’লখনে ৷ ভাগ্যক্ৰমে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৰে’লখন।

Exit mobile version