Baksa:বাগ্‌সাৰ দাওধাৰা সংৰক্ষিত বনাঞ্চলত বনৰক্ষী-চোৰাং চিকাৰীৰ সংঘৰ্ষ

সংঘৰ্ষত গুলীবিদ্ধ দুটাকৈ চোৰাং চিকাৰী, পাঁচটা হস্তনিৰ্মিত বন্দুক, বনগাহৰিৰ মাংস সহিতে আটক দুই চোৰাং চিকাৰী, তিনিটা চোৰাং চিকাৰীৰ পলায়ন

prochar

Baksa:

বাগ্‌সা ফৰেষ্ট ডিভিজন, মুছলপুৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী দাওধাৰা সংৰক্ষিত বনাঞ্চলত বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ ৷ সংঘৰ্ষত দুটাকৈ চোৰাং চিকাৰী গুলীবিদ্ধ হয় ৷ আজি দিনৰ প্ৰায় ১০-৪৫ বজাত সংঘটিত এই সংঘৰ্ষত দুটা চোৰাং চিকাৰীক পাঁচটা হস্তনিৰ্মিত বন্দুক আৰু বন গাহৰিৰ মাংস সহিতে মানাহৰ বন বিভাগে আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত চোৰাং চিকাৰী দুটা ডুমৰুগুৰিৰ গোপাল বাহাদুৰ আৰু বৰপামৰ ধৰ্মেন্দ্ৰ ওৱাৰী৷চোৰাং চিকাৰী দুটা বনৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় আৰু দুয়োকে চিকিৎসাৰ বাবে বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আনহাতে ঘটনাস্থলীৰ পৰা আন তিনিটা চোৰাং চিকাৰী পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি দাওধাৰা সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ অৱস্থিতিৰ উমান পাই মানাহৰ বন বিভাগক প্ৰথমে খবৰ দিছিল বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন মানাহ মাউজিগেন্দ্ৰি ইক’টুৰিজ্যিম ছচাইটিয়ে ৷

ইয়াৰ পাছতে মানাহৰ ভূঞাপাৰা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বন বিষয়া কামেশ্বৰ বড়োৰ নেতৃত্বত ককলাবাৰী বীটৰ বনৰক্ষী আৰু আন বনৰক্ষী সহিতে বন বিভাগৰ দলে অভিযান চলাইছিল দাওধাৰা সংৰক্ষিত বনাঞ্চলত

বনাঞ্চলখনৰ এটুকুৰা ঠাইৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি বন বিভাগৰ দলে সন্তপৰ্ণে উক্ত স্থান তৰিৎ গতিৰে ঘেৰাও কৰে আৰু তাতেই চোৰাং চিকাৰীৰে সংঘৰ্ষ হয় ৷

জানিব পৰা মতে চোৰাং চিকাৰীয়ে হস্তনিৰ্মিত বন্দুকেৰে বন বিভাগৰ দলক আক্ৰমণ কৰিবলৈ লৈছিল যদিও বনৰক্ষীয়ে তাৰ পূৰ্বেই গুলীয়াই আঘাতপ্ৰাপ্ত কৰে দুই চোৰাং চিকাৰীক আৰু আটক কৰে দুয়োকে ৷

অৱশ্যে ছেগ বুজি আন তিনিটা চিকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত আহত দুই চোৰাং চিকাৰীক চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে বন বিভাগে ৷

Exit mobile version