BBC India:১৪ কোটিৰ আয় গোপন কৰিছিল বিবিচিয়ে !

ই-মেইলত কার্যত ভুল স্বীকাৰ সংবাদ সংস্থাৰ

bbc india

BBC India:

আয়কৰ বিভাগে সম্প্রতি ব্ৰিটিছ ব্রডকাষ্টিং কৰ্প’ৰেচন (বিবিচি)ৰ পৰা এক ই-মেইল লাভ কৰিছিল। উক্ত ই-মেইলত ব্ৰিটিছ সংবাদ সংস্থাটোৱে স্বীকাৰ কৰা অনুসৰি তেওঁলোকে ৪০ কোটি টকাৰ আয় প্রতিষ্ঠানটোৰ আয়কৰ ৰিটাৰ্ণৰ সময়ত উল্লেখ কৰা নাছিল।

ADVERTISEMENT

ইয়াৰ ফলত এই আয়ৰ বিপৰীতে যি কৰফাঁকি দিয়া হৈছিল, সেয়া জৰিমনাসহ আদায় দিবলৈ বিবিচি সাজু আছে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত বিবিচি ইণ্ডিয়াৰ কাৰ্যালয়ত এক সমীক্ষা চলাইছিল আয়কৰ বিভাগে।

পাছত বিদেশৰ পৰা ধনপ্ৰাপ্তিৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগত বিবিচি ইণ্ডিয়াৰ বিৰুদ্ধে এক গোচৰ তৰিছিল প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)-এ। ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট আইনৰ অধীনত ইডিয়ে বিবিচি ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল।

প্ৰকাশিত বাতৰি অনুসৰি, বিবিচি ইণ্ডিয়াই আয়কৰ ফাঁকিৰ কথা প্ৰথমতে অস্বীকাৰ কৰিছিল যদিও সম্প্ৰতি ই-মেইলৰ জৰিয়তে সংবাদ প্রতিষ্ঠানটোৱে ৪০ কোটি টকাৰ উপাৰ্জন গোপন কৰাৰ কথা ইডিৰ আগত স্বীকাৰ কৰিলে।

Exit mobile version