Bihpuria College Incident:বিহপুৰীয়া মহাবিদ্যালয়ত তীব্ৰ উত্তেজনা !

ছাত্ৰ একতা সভাৰ আন্দোলনৰ মাজতে অধ্যক্ষক দুই সহযোগী অধ্যাপকে প্ৰহাৰ কৰাৰ অভিযোগ

bihpuria 1

Bihpuria College Incident:

বিহপুৰীয়া মহাবিদ্যালয়ত তীব্ৰ উত্তেজনা। উত্তৰ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান খনত ছাত্ৰ একতা সভাৰ আন্দোলনৰ মাজতে সংঘটিত হয় এক ঘটনা ৷ কলেজৰ দুই সহযোগী অধ্যাপকে অধ্যক্ষক প্ৰহাৰ কৰে ৷ যাক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

অধ্যাপক অৰুপ শৰ্মা, কৃষ্ণকমল শইকীয়াই প্ৰহাৰ কৰাৰ অভিযোগ ৷ অধ্যক্ষক প্ৰহাৰ কৰি থকা অৱস্থাতে বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ দুই অধ্যাপকৰ কবলৰ পৰা উদ্ধাৰ কৰে অধ্যক্ষ ড:অমূল্য হাজৰিকাক ।

উল্লেখ্য যে,ছাত্ৰ একতা সভাৰ সম্পাদকক এজন অধ্যাপকে দুৰ্ব্যৱহাৰৰ কৰাৰ অভিযোগ কৰি সভাই এক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

আনহাতে ছাত্ৰ একতা সভাৰ এই আন্দোলনত অধ্যক্ষই উৎসাহ যোগোৱাৰ অভিযোগ কৰি আজি একাংশ অধ্যাপক ক্ষুব্ধ হৈ পৰে ৷ ইয়াৰ মাজতে দুই অধ্যাপকে অধ্যক্ষক জবাবদিহি কৰাত দুয়ো পক্ষৰ মাজত কথাৰ কটাকটিৰ মাজতে অধ্যাপকদ্বয়ে অধ্যক্ষ গৰাকীক প্ৰহাৰ কৰে ৷

আনহাতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অধ্যাপকৰ কবলৰ পৰা অধ্যক্ষ ড:অমূল্য হাজৰিকাক উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷

উল্লেখ্য যে, অবাঞ্চিত ঘটনা সংঘটিতৰ সময়ত কলেজ খনত চলি আছিল পৰীক্ষা ৷ শিক্ষকৰ দৰে মহান বৃত্তিত জড়িত হৈ কলেজ চৌহদতে অধ্যাপকৰ মাৰপিটৰ ঘটনাই কালিমা সানিলে দুই সহযোগী অধ্যাপকে ৷

Exit mobile version