Guwahati Artificial Flood:এজাক বৰষুণত বুৰিল মহানগৰীৰ বাট-পথ !

কৃত্ৰিম বানত হাতীগাঁৱত বাগৰি পৰিল বেটাৰীচালিত ৰিক্সা

ghy Flood

Guwahati Artificial Flood:

উৎকট গৰমৰ মাজতে বৃহস্পতিবাৰে নিশা অহা এজাক মুষলধাৰ বৰষুণে শাত পেলাই মহানগৰবাসীক ৷ মুষলধাৰ বৰষুণৰ ফলত মহানগৰৰ বহু অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ

সদাব্যস্ত হাতীগাঁৱৰ মুল পথছোৱা পানীত ডুব যোৱাৰ ফলত পথচাৰী আৰু যান-বাহন চলাচল এক প্ৰকাৰ ব্যাহত হৈ পৰে৷ এই কৃত্ৰিম বানত বাগৰি পৰে এখন বেটাৰীচালিত ৰিক্সা।

গুৱাহাটী ৰাজপথত উন্নয়ণৰ নামত মৰণফান্দ ৷ ভিন্ন অঞ্চলৰ অলিয়ে- গলিয়ে জাইকাই পাইপ মেৰামতিৰ নামত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খন্দাৰ ফলত এতিয়া এই গাঁত সমূহ হৈ পৰিছে মৰণফান্দ ৷

জাইকাৰ গাফিলতিৰ বাবেই বৃহস্পতিবাৰে গণেশগুৰিত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লয় এগৰাকী ছাত্ৰী।

যোৱা নিশা মুষলধাৰ বৰষুণৰ পাছতে সৃষ্টি হোৱা কৃত্ৰিম বানত বুৰ যায় জাইকাই মহানগৰীৰ ঠায়ে ঠায়ে খন্দা পৰিত্যক্ত গাঁত সমূহ ৷ যাৰবাবে এই গাঁত সমূহ হৈ পৰিছে পথচাৰীৰ বাবে মৰণফান্দ

এতিয়া প্ৰশ্ন হয় এই গাঁত সমূহ জাইকাই বন্ধ কৰিব কেতিয়া, জিলা প্ৰশাসনৰ কৰণীয় একো নাইনে ৷ এইয়া মহানগৰবাসীৰ লাখটকীয়া প্ৰশ্ন ৷

Exit mobile version