Water Explosion In Guwahati :
খাৰঘুলিৰ ভয়াৱহ জল বিস্ফোৰণ আতংক মাৰ নৌপাওঁতেই মহানগৰীত পুনৰ সংঘটিত হয় আন এক জল বিস্ফোৰণ ৷এইবাৰ ঘটনাৰ ৰাজগড় লিংক ৰোড ৷
জু-ৰোড তিনিআলিৰ কমাৰ্চ- ৰাজগড় সংযোগী পথৰ থকা পানীৰ পাইপ ফুাটি কেইবা মিটাৰ উপৰলৈ উঠিল পানী । পানীৰ ঢৌৱে ভাঙিছে সমীপৰ বাসগৃহৰ খিৰিকী ৷ ক্ষতিগ্ৰস্ত হৈছে কে’বাখনো বাহন ৷ এতিয়াও বন্ধ হোৱা নাই পানীৰ পাইপৰ ফুটা ৷ পথৰ কাষত সৃষ্টি হয় প্ৰকাণ্ড গাঁতৰ ৷ সমগ্ৰ পথটোত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ।
ইতিমধ্যে ঘটনাস্থলীত মহানগৰ প্ৰশাসনৰ লোকে পৰিস্থিতি তদাৰক কৰিছে ৷ আনহাতে অগ্নি নিৰ্বাপক বাহিনীও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে ৷
একেদৰে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহাল ৷ মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিব দিয়ে যে,আজি সন্ধিয়া বিষয়া-বৰ্গৰে এক উচ্চস্তৰীয় বৈঠকত মিলিত হৈ মহানগৰীত ধাৰাবাহিক পানী যোগানৰ পাইপ ফাটি থকা সন্দৰ্ভত আলোচনা কৰিব ৷
উল্লেখ্য যে,জাইকাৰ পানী যোগান ব্যৱস্থা এতিয়া মহানগৰবাসীৰ বাবে অভিশাপ ৷ মৰণফান্দত পৰিণত হৈছে পানী যোগান ব্যৱস্থা ৷
চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবে প্ৰথমে খাৰঘুলিৰ জয়পুৰ ৷ তাৰ পাছত মালিগাঁও চাৰিআলী আৰু এইবাৰ জুৰোড কমাৰ্চ কলেজৰ সন্মুখত পাইপ ফুটি এইদৰে ভয়ংকৰ জল বিস্ফোৰণৰ ঘটনাৰ পৰা শিকনি নহ’ল জাইকা তথা মহানগৰ প্ৰশাসনৰ ৷