NRC Scandal:এনআৰচি কেলেংকাৰিক লৈ নীৰৱ কিয় ?

কেগে দেখুৱাই দিয়া অনিয়মক উপেক্ষা কিয় ?, কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়, প্রভাৱশালী লোকৰ নামো সাঙোৰ খাই থকাত বাধা, আইনী ব্যৱস্থা গ্ৰহণৰ তৎপৰতা নাই

nrc

NRC Scandal:

ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ নামত অসমত শ শ কোটি টকান যেন অপব্যৱহাৰ কৰা হ’ল । কিয়নো ২০১৯ তে উন্নীতকৰণ প্রক্রিয়া শেষ হোৱা এনআৰচিখনক লৈ প্রকৃতাৰ্থত কি ব্যবস্থা গ্রহণ কৰা হ’ব সেই সম্পৰ্কত আজিলৈকে স্থিতি স্পষ্ট নকৰিলে কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰে এনআৰচিক কেৱল ৰাজনৈতিক কাৰচাজিৰহে অংশ কৰি লোৱা হ’ল।

অকল সেয়ে নহয়, এনআৰচি প্রস্তুতৰ নামত সংঘটিত হয় শ কোটি টকাৰ কেলেংকাৰী। স্বয়ং ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক ‘কেগ’-এ এই কেলেংকাৰি নিশ্চিত কৰিছে। কেগে আনকি সংঘটিত অনিয়মৰ বাবে এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক জবাবদিহি কৰি ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ দিছে চৰকাৰক ।

এনআৰচিত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱা বুলি বিভিন্ন মহলৰ পৰাও অভিযোগ উত্থাপিত হৈছিল। কিন্তু তেনে অভিযোগক এৰাই চলিছে চৰকাৰে এনেবোৰ অভিযোগক সঁচা প্রমাণিত কৰে কেগৰ প্রতিবেদনে ৷ কিন্তু তৎসত্ত্বেও দুর্নীতিমুক্ত অসম গঢ়াৰ শ্ল’গান দিয়া চৰকাৰ নীৰৱ।

কেগৰ প্ৰতিবেদন বিগত বৰ্ষৰ ২৮ ডিচেম্বৰতে অসম বিধানসভাত দাখিল হৈছিল। সেই সময়ত বিৰোধীও বিষয়টোক লৈ সৰব হৈছিল । তদুপৰি জাতীয় বিশেষণধাৰী একাংশ সংগঠনো সৰৱ হৈছিল। মাত্র পাঁচ মাহতে যেন সেই সকলো পক্ষ কুম্ভ কৰ্ণৰ নিদ্ৰাত।

দিছপুৰৰ উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা অনুসৰি কেগে উদঙোৱা শ শ কোটি টকীয়া কেলেংকাৰিৰ তদন্তৰ দিশত আগবঢ়াৰ ইচ্ছা চৰকাৰৰ নাই। ইয়াৰ কাৰণ হ’ল কেঁচু খান্দোতে সাপ ওলোৱাৰ সম্ভাৱনা প্রবল। কেগৰ তথ্যৰ ভিত্তিত চৰকাৰে গোচৰ তৰিব লাগিব হাজেলাৰ বিৰুদ্ধে।

হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিলে আৰু অধিক লোক ইয়াৰ অংশীদাৰ হ’ব। তেনে লোকসকলৰ ভিতৰত বহু বেছি প্ৰভাৱশালী ব্যক্তিও আছে। চৰকাৰে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলেও গোচৰৰ নিজে নিজে অংশীদাৰ হৈ পৰাটো নিশ্চিত। আনকি কাৰোবাৰ জৰিয়তে চৰকাৰৰ নিজলৈও এই ক্ষেত্ৰত আশংকা আছে।

চৰকাৰৰ এই দুৰ্বলতাৰ বিষয়ে অৱগত হোৱা কাৰণেই হাজেলায়ো নিজৰ প্রভাৱেৰে নিৰ্বিঘ্নে কাম কৰি থাকিব পাৰিছে। সূত্ৰটোৰ মতে, গোচৰ তৰিলে হাজেলাই বিগত দিনৰ ইতিহাস গাই দিয়াৰ আশংকাও নথকা নহয়। তেতিয়া আকৌ কাৰ গাত কিদৰে আন আন কেলেংকাৰিৰ চিটিকনি পৰিব তাৰ কোনো ঠিকনাই নাই বুলি দিছপুৰৰে কোনো কোনোৱে আশংকা কৰে। সাতে পাঁচে মিলি সেয়েহে নীৰৱতাকে সংগী কৰি লৈছে সংশ্লিষ্ট সকলে।

উল্লেখ্য যে কেগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, প্রকল্প ব্যয় অভাৱনীয়ভাৱে বৃদ্ধি হোৱাটোৱেই এটা বৃহৎ অনিয়ম । ২০১৪ ত আৰম্ভ হোৱা প্ৰকল্পটো ২০১৯তহে শেষ হয়; অথচ ১৪ মাহত এই কাম শেষ হ’ব লাগিছিল। ইয়াৰ ফলত প্রকল্প ব্যয় ২৮৮.১৮ কোটি টকাৰ পৰা ১৬০২.৬৬ কোটি টকালৈ বৃদ্ধি হয়। ছফটৱেৰ ক্ৰয়ৰ নামত অতিৰিক্ত আৰু অগ্রহণযোগ্য পুঁজি যোগনীয়াৰক পৰিশোধ কৰা হয়।

প্ৰতিবেদনত এইবুলি উল্লেখ কৰা হৈছে যে ছফটৱেৰ ব্যৱস্থাটো অত্যন্ত এক সুৰক্ষিত ব্যৱস্থা। অথচ তেনে এক ব্যৱস্থাৰ বাবে সঠিক পৰিকল্পনা নাছিল। মূল ছফটৱেৰত অন্য ২১৫ টা ছফটৱেৰ বিশৃংখলভাৱে সংযোগ কৰা হৈছিল। আকৌ ছফটৱেৰ ক্ৰয়ৰ ক্ষেত্ৰত বিক্ৰেতাৰ যোগ্যতাৰ মূল্যায়ণ কৰা হোৱা নাছিল। ছফটৱেৰৰ প্ৰসংগতে এইদৰেও কোৱা হৈছে যে যত ব্যয় হ’ব লাগিছিল ১১.০৫ কোটি টকা, তাত ব্যয় হয় ৪৯.৯২ কোটি টকা।

প্রতিবেদনত আকৌ উল্লেখ কৰা হৈছে যে ডাটা এন্ট্রী অপাৰ্টেসকলক প্ৰাপ্য ধন আদায় দিয়া নহ’ল। তেওঁলোকক ৬৪.২৭ শতাংশ পর্যন্ত কম মজুৰি প্ৰদান কৰা হয়। এনআৰচি সেৱা কেন্দ্ৰৰ নামতো বিয়াগোম কেলেংকাৰি সংঘটিত হয়। কেগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি কাম ক্ষিপ্ৰ কৰাৰ বাবে ১.৭৮ কোটি টকাৰে এহেজাৰটা অতিৰিক্ত সেৱা কেন্দ্র নথিপত্ৰ অনুসৰি স্থাপন কৰা হয়; কিন্তু কেন্দ্ৰবোৰৰ অস্তিত্বই বিচাৰি পোৱা নগ’ল।

ইয়াৰ উপৰি জেনেৰেটৰ ক্রয়কে ধৰি অন্যান্য বিভিন্ন শিতানতো কোটি কোটি টকাৰ কেলেংকাৰিৰ তথ্য কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। অথচ ইমানবোৰ বিয়াগোম কেলেংকাৰি একাষৰীয়া কৰি থৈ নিৰ্বিকাৰ হৈ আছে চৰকাৰ।

Exit mobile version