Artificial Flood Nalbari: কৃত্ৰিম বানত জলমগ্ন নলবাৰী।

ছাত্ৰী সকলেও দৈনিক বিদ্যালয়লৈ আহিও ঘৰলৈ উভতি যাব লগীয়াত পৰিছে।।ইয়াক লৈ অধ্ৰক্ষ গৰাকীয়ে গভীৰ দুখ প্ৰকাশ কৰে।

ghograpar

 

Artificial Flood Nalbari: কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে নলবাৰী।

যাতায়ত-যোগাযোগ স্তব্ধ হোৱাৰ সমান্তৰালকৈ বিদ্যালয়ৰ পাঠদান কাৰ্যসূচীও স্থগিত ৰখা পৰিলক্ষিত হৈছে।।নলবাৰী চহৰৰ কলেজ ৰোডস্থিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ বিদ্যালয়ত কৃত্ৰিম বানৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়।

 ১৯৭৩তে স্থাপিত ,পঞ্চাশ বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ওলোৱা বিদ্যালয়খনত কৃতিম বানৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পাঠদান কাৰ্যসূচী স্থগিত ৰাখিব লগীয়াত পৰিছে।

 ইয়াক লৈ চিন্তিত হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ লগতে নলবাৰীৰ সচেতন মহল। বিদ্যালয়খনৰ অধ্যক্ষ দীপা বৰুৱাই জনোৱা অনুসৰী বিগত দুদিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে বিদ্যালয়ৰ পাঠদান স্থগীত ৰখা হৈছে।

আনহাতে ছাত্ৰী সকলেও দৈনিক বিদ্যালয়লৈ আহিও ঘৰলৈ উভতি যাব লগীয়াত পৰিছে।।ইয়াক লৈ অধ্ৰক্ষ গৰাকীয়ে গভীৰ দুখ প্ৰকাশ কৰে।।

লগতে উল্লেখ কৰে যে বাৰিষাৰ সময় পৰিলেই বিদ্যালয় খনত জলমগ্ম হোৱাটো এটা স্বাভাৱিক ঘটনাত পৰিনত হৈছে।

নলবাৰী চহৰৰ স্ত্ৰী শিক্ষাৰ এখন আগশাৰীৰ চৰকাৰী বিদ্যালয়খনৰ কৃত্ৰিম বান সমস্যা দূৰ কৰি ছাত্ৰী সকলৰ অধ্যায়নৰ সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আহ্বান জনাই।।

উল্লেখ্য যে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যলয়ৰ সমীপত থকা চহৰ খনৰ এখন আগশাৰীৰ বিদ্যালয়ৰ অৱস্থাত সচেতন মহলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

দ্বিজেন ডেকা, ঘগ্ৰাপাৰ

Exit mobile version