Delhi Govt :দিল্লীত এইবাৰ লক্ষাধিক পৰিয়ালক বিনামূলীয়া চেনি বিলাব কেজৰিৱালে

kejiriwal

Delhi Govt :

দিল্লী চৰকাৰে দৰিদ্ৰ পৰিয়ালক বিনামূল্যে চেনি বিতৰণৰ সিদ্ধান্ত ল’লে। দৰিদ্ৰ পৰিয়ালক সকাহ দিবলৈ আৰু সকলো ধৰণৰ খাদ্য নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যৰে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টি (আপ)ৰ চৰকাৰে এইবাৰ চেনি সম্পূর্ণ বিনামূল্যে বিতৰণৰ এক আঁচনি গ্ৰহণৰ কথা ঘোষণা কৰিলে।

এক বিবৃতিত কেজৰিৱাল চৰকাৰে এইদৰে ঘোষণা কৰে, ‘বৰ্তমানৰ বিত্তীয় পৰিস্থিতি আৰু মুদ্রাস্ফীতিৰ ফলত উদ্ভৱ হোৱা অভূতপূৰ্ব প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে কোনো ব্যক্তি যাতে খাদ্যৰ ক্ষেত্ৰত অসুৰক্ষিত হ’ব নোৱাৰে, তাক নিশ্চিত কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে।

এনে পদক্ষেপৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে নিয়মীয়াভাৱে বিনামূলীয়া ৰেচন যোগান ধৰি অহা হৈছে। এইবাৰ দিল্লী চৰকাৰে অন্ত্যোদয় অন্ন আঁচনিৰ হিতাধিকাৰীক বিনামূল্যে চেনি যোগান ধৰিব ৷

Exit mobile version