Supreme Court Hearing Delimitation:সমষ্টি পুননিৰ্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ত লৈ মুখ থেকেচা ৰাজ্য ১১ বিৰোধী ৰাজনৈতিক দলৰ

কেন্দ্ৰীয় চৰকাৰক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ

sc

Supreme Court Hearing Delimitation:

সমষ্টি পুনৰনিৰ্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ত মুখথেকেচা খালে অসমৰ ১১টাকৈ বিৰোধীয়ে। ৰাজনৈতিক দলে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাৰ বিৰুদ্ধে জন প্ৰতিনিধি আইন ১৯৫০ৰ ৮(A)ক প্ৰত্যাহ্বান জনোৱাৰ লগতে প্ৰত্যাহ্বান জনাইছিল ৷ আনকি জনসংখ্যাৰ ভিত্তিত নকৰি ঘনত্বৰ ভিত্তিত কিয় কৰা হৈছে এই সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কংগ্ৰেছ নেতৃত্বাধীন এঘাৰ ৰাজনৈতিক দলৰ ৷

এঘাৰটা দলে সমষ্টি পুনৰনিৰ্ধাৰণ খচৰা সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে স্থগিতাদেশ বিচাৰিছিল যদিও আজি ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি প্ৰক্ৰিয়াটোৰ ওপৰত স্থগিতাদেশ জাৰি নকৰিলে ।

এনে প্ৰেক্ষাপটত আদালতৰ এই স্থিতিৰ পাছত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া অব্যাহত থকাটো নিশ্চিত হৈ পৰিল ।

আনহাতে সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে।

মনকৰিবলগীয়া যে নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা খচৰাখনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কংগ্ৰেছ, ৰাইজৰ দল,অসম জাতীয় পৰিষদ, ৰাইজৰ দল, দুই বাওঁ দল সহ এঘাৰটা বিৰোধী ৰাজনৈতিক দলৰ উপৰিও বিশিষ্ট চিন্তাবিদ ড:হিৰেণ গোঁহাই আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ৷ উল্লেখ্য যে খচৰা খনৰ বিৰুদ্ধে সুকীয়াকৈ আবেদন জনাইছিল এআইইউডিএফে ৷

স্মতৰ্ৱ্য যে সমষ্টি পুনৰনিৰ্ধাৰণৰ সকলো গোচৰৰ শুনানি আজি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰাৰ বিপৰীতে চুবুৰীয়া পাহাৰীয়া ৰাজ্য কেইখনৰ শুনানি পৰৱৰ্তী সময়ত গ্ৰহণ কৰাৰ কথা ৷

Exit mobile version