Kumar Sanjit Krishna Bail:বহুচৰ্চিত এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত

নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

sanjit krishna

Kumar Sanjit Krishna Bail:

বহুচৰ্চিত এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে,তিনিবছৰ পূৰ্বে ২০২০ চনৰ ১৫ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল কুমাৰ সঞ্জীত কৃষ্ণ৷ দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ আছিল তদানীন্তন এছ পি গৰাকী ৷

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) নিযুক্তি কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত তথা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ইয়াৰ পূৰ্বেও কেবাবাৰো আদালতত জামিন বিচাৰিছিল যদিও প্ৰতিবাৰে আদালতত বিমুখ হৈছিল ৷

মনকৰিবলগীয়া যে, অসম আৰক্ষীয়ে আদালতত দাখিল কৰা কেছ ডায়েৰীৰ‌ বাবে আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ জামিন আৱেদন আদালতত নাকচ হৈ আহিছিল ।

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ তথা অসম আৰক্ষীৰ নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ লগতে প্ৰায় এক ডজন লোক জড়িত আছিল অসম আৰক্ষীৰ এছ আই নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত ।

পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ চিআই ডিয়ে গোচৰটো মাৰাথন গতিত তদন্ত চলাই ইতিমধ্যে প্ৰস্তুত কৰা কেচ ডায়েৰীত উল্লেখ কৰা মতে২০২০ ত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰাই অসম আৰক্ষীৰ এছ আই নিযুক্তিৰ প্রশ্ন কাকত ফাদিল হৈছিল ।

স্মতৰ্ৱ্য যে,২০২০ ৰ অক্টোবৰত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত হৈ আছিল কুমাৰ সঞ্জীত কৃষ্ণ ৷ উল্লেখ্য যে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত দায়িত্ব লাভ কৰিছিল অক্ষয় টেলি কমিউনিকেশ্যন ৷

এই প্ৰতিষ্ঠানটোৰ ৰুবুল হাজৰিকাক চি আই ডিয়ে অতি তৎপৰতাৰে আটক কৰাৰ পাছতে সমস্ত কেলেংকাৰীটোৰ ন ন তথ্য পোহৰলৈ আহে ৷ চি আই ডিৰ কেছ ডায়েৰীত উল্লেখ থকা মতে ৪০ লক্ষাধিক টকাৰ বিনিময়ত এছ পি কুমাৰ সঞ্জীত কৃষ্ণই ৰুবুল হাজৰিকাক প্ৰশ্নকাকত ফটো মাৰিবলৈ দিছিল।

ইয়াৰ পাছতে ৰুবুলে মৰা ফটো দিবন ডেকালৈ হোৱাটচআপ যোগে প্ৰেৰণ কৰিছিল স্বয়ং ৰুবুলে ৷ সম্প্ৰতি ৰুবুল আৰু দিবন কাৰাৰুদ্ধ হৈ আছে এছ আই প্ৰশ্নকাকত ফাদিল গোচৰত।

Exit mobile version