kharge

Kharge’s letter to Amit Shah:

“চিঠি লিখিবলৈ সহজ, কিন্তু…”: অমিত শ্বাহৰ পিছত কংগ্ৰেছৰ পত্ৰ

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আজি গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি সংসদৰ চলি থকা অধিৱেশনত মণিপুৰ সন্দৰ্ভত বিৰোধীয়ে আলোচনাৰ দাবী পুনৰবাৰ উল্লেখ কৰে। শ্বাহে বিৰোধীৰ পৰা “অমূল্য সহযোগিতা” বিচৰা আৰু দলীয় সীমাৰ ওপৰলৈ উঠিবলৈ কোৱাৰ এদিন পিছতে তেওঁৰ এই পত্ৰখন প্ৰকাশ পাইছে।
খাৰ্গে শ্বাহক তীব্ৰ আক্ৰমন কৰি কয় যে তেওঁৰ কথা সংসদত শাসকীয় দলৰ প্ৰতি তেওঁৰ কাৰ্যৰ সৈতে মিল নাই।

পত্ৰখনত খাৰ্গে কয় , “আপোনাৰ পৰা আমি পোৱা চিঠিখন বাস্তৱিক নহয়… আপোনাৰ চিঠি খনৰ শব্দ আৰু আপোনাৰ কাৰ্য্যৰ মাজত লক্ষণীয় পাৰ্থক্য আছে। চৰকাৰখন অসহিষ্ণু যেন লাগে আৰু সংসদত নিজৰ ইচ্ছা-বল প্ৰয়োগ কৰি আছে।”

তেওঁ কয় যে তেওঁলোকে বিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰক, তাৰ পিছত সংসদত আলোচনা হ’ব লাগে।

Exit mobile version