Guwahati Protest in Manipur Incident:এমিনিষ্ট অৱ ফেমিনিষ্ট কালেকটিভিটিৰ সৌজন্যত দীঘলী পুখূৰী পাৰত প্ৰতিবাদ

protest in Dighalipukhuri

Guwahati Protest in Manipur Incident:

মণিপুৰত নাৰীৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে স্বতন্ত্ৰ ভাৱে কাম কৰা ব্যক্তিবাদী আৰু নাৰীবাদী সংগঠনৰ ঐক্যবদ্ধ মঞ্চ এলায়েন্স অৱ ফেমিনিষ্ট কালেকটিভিটিৰ সৌজন্যত আজি দীঘলীপুখুৰীপাৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

সংঘৰ্ষ পীড়িত চুবুৰীয়া ৰাজ্য মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ গভীৰ উদ্বেগ প্ৰকাশ
সংঘৰ্ষৰ নামত নাৰীৰ শৰীৰক এখন যুদ্ধভূমিলৈ ৰূপান্তৰিত কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়।

মণিপুৰত শান্তি শৃংখলা সোনকালে ঘূৰাই অনাৰ লগতে ভুক্তভোগীক ন্যায় দিয়া আৰু শিশুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি আৰু জনগোষ্ঠীৰ মাজত আস্থা আৰু বিশ্বাসৰ পৰিৱেশ ঘূৰাই আনক আদি দাবীৰে সোচ্ছাৰ হৈ পৰিল দীঘলীপুখূৰীপাৰ। এই আহ্বান সংগঠনৰ হৈ গীতাৰাণী ভট্টাচাৰ্যৰ।

Exit mobile version