Bhupen Bora’s Controversial Comments:লাভ জেহাদক লৈ ভূপেন বৰাৰ বিৰ্তকিত মন্তব্য “মহাভাৰতৰ দিনৰ পৰা লাভ জেহাদ আছিল’

মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ'‘‘মহাভাৰতৰ দিনত লাভ জেহাদ হোৱা নাছিল, প্ৰেম হৈছিল

lovejihad

Bhupen Bora’s Controversial Comments:

লাভ জেহাদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ মাজত আৰম্ভ হৈ বাক্যবাণ ৷
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ বলি হোৱা সংঘমিত্ৰা ঘোষৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত হৈ সাংবাদিকৰে হোৱা বাৰ্তালাপত লাভ জেহাদ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ মন্তব্য আগবঢ়াইছিল ৷

ইয়াৰ পাছতে আজি কংগ্ৰেছ সভাপতি গৰাকীয়ে বহু বিৰ্তকিত মন্তব্য প্ৰকাশ কৰি কয়,মহাভাৰতৰ দিনৰ পৰা লাভ জেহাদ আছিল, মুখ্যমন্ত্ৰীয়ে নতুনকৈ আৱিষ্কাৰ কৰা নাই । কৃষ্ণয়ো নাম সলাই ৰুক্মিণীক বিয়া পাতিছিল। গান্ধাৰীক ধৃতৰাষ্ট্ৰই বিয়া পতাটো আছিল লাভ জেহাদ।

গান্ধাৰীয়ে সেইবাবে ধৃতৰাষ্ট্ৰৰ মুখ নাচাও বুলি ওৰেটো জীৱন চকুত ক’লা কাপোৰ বান্ধিছিল। আনহাতে কৃষ্ণয়ো যেতিয়া ৰুক্মিণীক নিবলৈ আহিছিল, তেতিয়া অর্জুনে মহিলাৰ বেশ লৈ আহিছিল।’’

ভূপেন বৰাৰ এই বিৰ্তকিত মন্তব্য প্ৰকাশ কৰাৰ পাছতে কাৰো নাম উল্লেখ নকৰাকৈ আজি মুখ্যমন্ত্ৰী বঙাইগাঁওত কয়, ‘মহাভাৰতৰ দিনত লাভ জেহাদ হোৱা নাছিল, প্ৰেম হৈছিল। আজি-কালি জেহাদ হয় বাবে মাৰ্ডাৰ হয়। লাভ জেহাদ বন্ধ কৰিব লাগিব। কাৰণ লাভৰ লগত জেহাদ নিমিলে।’’

একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, মুছলমান ছোৱালীক মুছলমান যুৱকে বিবাহ কৰক ৷ তদ্ৰুপ হিন্দু ল’ৰাই হিন্দু ছোৱালীক বিবাহ কৰক ৷ আনকি দুই সম্প্ৰদায়ৰ বিবাহ হ’লেও সংবিধানত নিদিষ্ট বিধান লিপিবদ্ধ আছে ৷

বিবাহৰ পাছত ধৰ্ম পৰিৱৰ্তন নকৰাকৈ বিবাহৰো আইন আছে ৷ একেদৰে বিবাহৰ পাছত পত্নীয়ে স্বামীৰ ধৰ্ম গ্ৰহণ কৰিবই লাগিব বুলি কোনো কথা নাই ৷ বিবাহত ধৰ্ম পৰিৱৰ্তন নহ’লে লাভ জেহাদৰ প্ৰসংগ উদ্থাপনেই নহয় ৷

বিবাহৰ কৰিবলৈ গৈ ড্ৰাগছ দিয়াৰ দৰে গৰ্হিত কাম কৰিলে ৷ সেইয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে ভূপেন বৰাই লাভ জেহাদক লৈ হিন্দু ধৰ্মগ্ৰন্থক উল্লেখ থকা বিষয়ক তুচ্ছজ্ঞান কৰাৰ বাবে এজাহাৰ দিলেই বৰা গ্ৰেপ্তাৰ হোৱাৰ ইংগিত দিয়ে ৷

Exit mobile version