Theft Arrested: অৱশেষত আৰক্ষীৰ জালত পডি আই জিৰ পৰা ম’বাইল থপিওৱা গভাইত চোৰ

dig

Theft Arrested:

অৱশেষত আৰক্ষীৰ জালত পৰিল ডি আই জি বিবেক ৰাজ সিঙৰ পৰা ম’বাইল থপিয়াই নিয়া গভাইত চোৰটো।

বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে জাভেদ আলী নামৰ চোৰটোক দক্ষিণ কামৰূপৰ নগৰবেৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য যে,প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যাওঁতে অসম আৰক্ষীৰ আইন শৃংখলা দায়িত্বত থকা ডি আই জি বিবেক ৰাজ সিঙৰ পৰা চিলনী চোৰে থপিয়াই নিছিল তেওঁৰ ম’বাইল ফোনটো।

বিয়াগোম আৰক্ষী বিষয়াৰ পৰা দিন দুপৰতে চোৰে ম’বাইল ফোন থপিয়াই নিয়া বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিভিন্ন মহলত আৰক্ষীক লজ্জানত কৰিছিল।

ইয়াৰ পাছতে চিলনী চোৰৰ সন্ধানত আৰক্ষী নামি পৰে তীব্ৰ অভিযানত ৷ অৱশ্যে অৱশেষত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় বিবেক ৰাজ সিঙৰ পৰা ম’বাইল থপিয়াই নিয়া গভাইত চোৰটোক ৷

Exit mobile version