The Gruesome Murder :জঘন্য লোমহৰ্ষক হত্যাকাণ্ড ,পত্নীয়ে কুঠাৰেৰে কাটি পাঁচ টুকুৰা কৰিলে স্বামীক

uttar pradesh

Gruesome Murder :

পুনৰ এক শিহৰিত লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশক ৷ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ ৷ শুই থকা সময়তে নিজৰ স্বামীক কুঠাৰেৰে কাটি মৃতদেহ কৰিলে পাঁচ টুকুৰা ৷

আনকি স্বামীৰ মৃতদেহৰ টুকুৰাবোৰ বাসগৃহ সমীপৰে এটা দ’খাৱৈত পেলাই দিয়ে ৷ উত্তৰ প্ৰদেশৰ পিলিভিত নামৰ গাও এখন গাঁৱত সংঘটিত হয় নৃশংস হত্যাকাণ্ড

প্ৰাপ্ত খবৰ অনুসৰি হত্যাৰ বলি হোৱা শিৱনগৰ গাঁৱৰ নিবাসী ৫৫ বছৰীয়া ৰামপাল যোৱা মঙলবাৰৰ পৰা নিখোজ হৈ আছিল ৷

উল্লেখ্য যে, ৰামপাল আৰু পত্নীৰ মাজত সমন্ধ তিক্ততাপূৰ্ণ আছিল ৷ প্ৰায়েই দুয়োৰে মাজত কাজিয়াপেচাল হৈ থাকে ৷ ঘটনাৰ মুল কেন্দ্ৰবিন্দু ৰামপালৰ বন্ধু এজনৰ স’তে ৰামপালৰ পত্নীৰ পৰকীয়া প্ৰেম ৷

এই কাৰ্যৰ বাবে পত্নীক কেইবাবাৰো সকীয়াই দিছিল ৰামপাল ৷ কিন্ত স্বামীৰ সকীয়নিক গুৰুত্ব নিদি পত্নীয়ে ৰামপালৰ বন্ধুৰ স’তে সুকীয়া স্থানত সহবাস কৰিবলৈ ধৰে৷

আনহাতে মঙলবাৰৰ পৰা নিখোজ হোৱা ৰামপালৰ সম্পৰ্কত বুধবাৰে নিজ পুত্ৰই পিতৃ সন্ধানহীনৰ সম্পৰ্কত গজৰৌলা থানাত এজাহাৰ দাখিল কৰে ৷

পুত্ৰই এজাহাৰত মাতৃ দুলাৰে দেৱী কিছুদিন পূৰ্বেহে তেওঁলোকৰ ঘৰলৈ আহিছিল বুলি উল্লেখ কৰে ৷ ইয়াৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত আৰম্ভ কৰি বৃহস্পতিবাৰে দুলাৰে দেৱীক সোধপোছৰ বাবে আটক কৰি জেৰা চলোৱাত সকলো নৃশংস হত্যাকাণ্ড ঘটনা পোহৰলৈ আহে ৷

দুলাৰী দেৱীয়ে স্বীকাৰোক্তিত উল্লেখ কৰে যে তেওঁ ৰামপালক কুঠাৰেৰে হত্যা কৰি মৃতদেহ পাঁচ টুকুৰা কৰি সমীপৰে নৈ এখনৰ খাৱৈত পেলাই দিয়াৰ কথা স্বীকাৰ কৰিছে ৷

শেহতীয়া খবৰ অনুসৰি বৃহস্পতিবাৰৰ পৰা আজিলৈকে ডুবাৰুৰ সহায়ত আৰক্ষীয়ে মৃতদেহ বিচাৰি চলাধ কৰিছে ৷ এই জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ উত্তৰ প্ৰদেশ ৷

Exit mobile version