Ajit Bhuyan Meets Arvind Kejriwal :আঞ্চলিক দল আমুৱালে অজিত ভূঞাৰ !

দিল্লীত অৰবিন্দ কেজৰিৱালক সাক্ষাৎ অজিত ভূঞাৰ , শীৰ্ঘেই আপত যোগদানৰে অসমত আপৰ দায়িত্ব লোৱাৰ সম্ভাৱনা

ajit kr bhyan

Ajit Bhuyan Meets Arvind Kejriwal :

কা’ আন্দোলনৰ জৰিয়তে কংগ্ৰেছ আৰু এ আই ইউ ডি এউফৰ বোকোচাত বহি ৰাজ্যসভাৰ সাংসদ হোৱা ৰাজ্যৰ এসময়ৰ জনপ্ৰিয় সাংবাদিক অজিত কুমাৰ ভূঞাক আঞ্চলিক ৰাজনীতিয়ে আমুৱালে ৷

সাংবাদিক ক্ষেত্ৰ খনৰ পৰা অব্যাহতি লৈ কে’বাটাও আঞ্চলিক দল গঠন কৰিছিল যদিও ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিলে ।

শেহতীয়াকৈ কইনা খোজেৰে অজিত কুমাৰ ভূঞাই আপত যোগদানৰ প্ৰস্তুতি চলাইছে ৷

কিছুদিন পূৰ্বে ভূঞাই আপৰ সাংসদ ৰাঘৱ ছাড্ডাক সাক্ষাৎ কৰাৰ পাছত আজি  নতুন দিল্লীত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে ৷ আপত যোগদান আৰু অসমত আপৰ দায়িত্ব লোৱাৰ সন্দৰ্ভত আলোচনাৰ কৰে মুখ্যমন্ত্ৰী গৰাকীৰ স’তে ৷

দিল্লীৰ এক সূত্ৰই দিয়া তথ্য মতে ,সকলো থিকে থাকে থাকিলে শীৰ্ঘেই আপত যোগদান কৰিব ভূঞাই ৷ তাৰ পাছতে অসমত আপৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছেে ৷

Exit mobile version