Durand Cup:তিনি আগষ্টৰ পৰা ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল

গুৱাহাটীত উপস্থিত নেপালৰ ত্ৰিভুন আৰ্মি ফুটবল ক্লাব

durand cup

Durand Cup:

আসন্ন ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অংশ লোৱাৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হৈছে নেপালৰ ত্ৰিভুন আৰ্মি ফুটবল ক্লাব। অৱসৰপ্ৰাপ্ত লেফটেন্ট কর্ণেল বসন্ত ৰাজ গুৰুঙৰ অধীনত অহা ২২ জনীয়া নেপাল দলটোক ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানৰে গুৱাহাটীলৈ অনা হয় আৰু হোটেল ৰেডিছন ব্লুত গামোছা আৰু জাপি পিন্ধাই অসমীয়া পৰম্পৰাৰে সদস্যসকলক আদৰণি জনাই ভাৰতীয় সেনাই

ভাৰতীয় সেনাই আয়োজন কৰা এছিয়া মহাদেশৰ সবাতোকৈ প্রাচীন ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপ অহা তিনি আগষ্টৰ পৰা আৰম্ভ হ’ব।

অসমৰ ফুটবলপ্রেমীৰ বাবে সুখৰ খবৰ যে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেল ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব। এইবাৰ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত প্রতিযোগিতাৰ দুটা গ্ৰুপৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ এটা গ্ৰুপৰ খেল।

আনহাতে, গুৱাহাটী আৰু কোকোৰাঝাৰে আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে এখনকৈ কোৱাৰ্টাৰ ফাইনেলো। ইফালে, অহা তিনি আগষ্টত কলকতাত ডুৰাণ্ড কাপৰ উদ্বোধনী মেচৰ লগতে তিনিটা গ্রুপৰ খেল তথা দুখন কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল আৰু তিনি ছেপ্টেম্বৰত যুৱভাৰতী স্টেডিয়ামত ডুৰাণ্ড কাপৰ ফাইনেল অনুষ্ঠিত হ’ব।

২৭ বছৰ পাছত বিদেশী দল হিচাপে এইবাৰ ডুৰাণ্ড কাপ খেলিব নেপাল আৰু বাংলাদেশৰ সেনাৰ ফুটবল দলে। আজি বাংলাদেশৰ দলটোও কলকাতাত উপস্থিত হৈছে।

নেপালে আৰ্মিয়ে অহা ন আগষ্টত কোকোৰাঝাৰত দিল্লী এফ চিৰ বিৰুদ্ধে প্রথম মেচ খেলাৰ পাছত গ্রুপ ‘ই’ত স্থান লাভ কৰা দলটোৱে বাকী দুখন মেচ গুৱাহাটীত খেলিব ১৪ আগষ্টত চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে আৰু ২২ আগষ্টত হায়দাবাদ এফ চিৰ বিৰুদ্ধে।

আমাৰ বাবে ডুৰাণ্ড কাপত অংশ লোৱাটো এক গৌৰৱ। আমি প্রতিযোগিতাৰ সন্মান ৰক্ষা কৰি নিজৰ শ্ৰেষ্ঠখিনি খেলিবলৈ চেষ্টা কৰিম।’ গুৱাহাটীত এইদৰে কয় নেপাল আৰ্মিৰ অধিনায়ক নাৰায়ং শ্রীস্থাই। উল্লেখ্য যে নেপাল জাতীয় দল হৈ ৪৩ খন মেচ খেলা শ্রীস্থাই কেৰিয়াৰত আঠটা আন্তর্জাতিক গ’ল কৰিছে।

অহা চাৰি আগষ্টৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী স্টেডিয়ামত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ গ্রুপ ‘ডি’ আৰু ‘ই’ৰ মুঠ ১০ খনকৈ মেচৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল।

আনহাতে, অহা পাঁচ আগষ্টৰ পৰা কোকোৰাঝাৰত হ’ব গ্রুপ ‘এফ’ৰ ছখন মেচৰ লগতে গ্রুপ ‘ডি’ আৰু ‘ই’ ৰ দুখন মেচ তথা এখন কোৱাৰ্টাৰ ফাইনেলসহ মুঠ নখন মেচ। এইবাৰ প্রতিযোগিতাত দুটা বিদেশী দলসহ অংশ লৈছে ২৪ টা ক্লাবে। অসমৰ প্ৰথম দলৰূপে ইতিহাস গঢ়ি এইবাৰ ডুৰাণ্ড কাপ খেলাৰ সুযোগ লাভ কৰিছে কোকোৰাঝাৰৰ বড়োলেও এফ চিয়ে।

ইফালে, অনাগত দুবছৰৰ বাবে ডুৰাণ্ড কাপৰ একচেটিয়া সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰিছে ছ’নী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়াই ।

সেই অনুসৰি চলিত২০২৩ ৰ পৰা ২০২৪ লৈ ভাৰতত হ’বলগা ডুৰাণ্ড কাপৰ সকলো মেচ এককভাবে সম্প্ৰচাৰ কৰিব ‘ছ’নী স্প’ৰ্টছ টেন ২’ চেনেলত। ক্রীড়াপ্রেমীয়ে এছপিএনৰ প্ৰিমিয়াম অ’টিটি প্লেটফর্ম ছ’নী এলআইভিতো পোনপটীয়াকৈ মেচ উপভোগ কৰিব পাৰিব।

ইফালে, ভাৰতৰ লগতে আফগানিস্তান, মালদ্বীপ, পাকিস্তান, বাংলাদেশ, ভূটান, আৰু নেপালতো ‘ছ’নী স্পটছ টেন ২’ চেনেলত ডুৰাণ্ড কাপৰ মেচ সম্প্ৰচাৰ হ’ব।

Exit mobile version