Guwahati : মহানগৰীত নিশা আৰক্ষীৰ গাড়ীয়ে মহতিয়ালে দুই বাইক আৰোহীক

আৰক্ষীৰে ৰাইজৰ খণ্ডযুদ্ধ ৰাইজৰ

WhatsApp Image 2023 07 29 at 3.05.16 PRUPNAGAR

Guwahati :

মহানগৰীৰ ৰূপনগৰত শুক্ৰবাৰে নিশা দ্ৰুতগতিত অহা আৰক্ষীৰ গাড়ীয়ে মহতিয়াই নিয়ে দুই বাইক আৰোহীসহ এজন পথচাৰীক ৷ এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে খণ্ডযুদ্ধ লাগে।

প্ৰাপ্ত খবৰ অনুসৰি, বিৰুবাৰী পহৰা চকীৰ এটি আৰক্ষী দলে গাড়ীৰে আহি থকা অৱস্থাত বিপৰীতে ফালৰ পৰা আহি থকা এখন বাইক আৰু এজন পথচাৰীক মহতিয়াই নিয়ে ৷

আনহাতে আৰক্ষীৰ বাহন খনত থকা গৃহৰক্ষী জোৱান এজন দুৰ্ঘটনাটোত গাড়ীৰ কৰা ছিটিকি পৰে। ইয়াৰ পাছত আৰক্ষীৰ আন এখন বাহন উপস্থিত হৈ গৃহৰক্ষী জোৱান জনক চিকিৎসাৰ বাবে নিবল ধৰোতেই আৰক্ষীৰ স’তে খণ্ডযুদ্ধ লাগে।

উল্লেখ্য যে,স্থানীয় লোকে অভিযোগ কৰা মতে,আৰক্ষীৰ বাহন খনৰৰ চালক জন অত্যাধিক সুৰাপান কৰি দ্ৰুতগতিত আহি বাইক খনক প্ৰচণ্ড
খুন্দা মাৰিছিল ৷

আনহাতে দুৰ্ঘটনাটোত আহত বাইকখনৰ আৰোহী জনক ৰাইজে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷

Exit mobile version