Kumguri Dilapidated Bridge :কুমগুৰী গাৱঁত থকা কাঠৰ দলঙেৰে বিপদ সংকুল যাতায়ত ৰাইজৰ

খৱৰ নাই জনপ্ৰতিনিধিৰ

dilapidated bridge

Kumguri Dilapidated Bridge :

বিটিচিৰ উন্নয়নৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰি আহিছে যদিও বিগত চল্লিশ বছৰে এখন দলং নিৰ্মাণ কৰিব নোৱাৰাৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে । বিধস্ত এখন কাঠৰ দলঙে বিটিচিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।

দলংখন হৈছে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ কুমগুৰী গাওঁত থকা এখন অতিকৈ জৰাজীৰ্ণ কাঠৰ দলং।দীৰ্ঘদিন ধৰি তেনেদৰে চলি আহিছে ।

দলংখনেৰে কোনেও নিৰাপদে অহা যোৱা কৰিব নোৱাৰে । জৰাজীৰ্ণ দলংৰ মাজেৰে বিপদ সংকুলভাবে যাতায়ত কৰি আছে ৰাইজে। এখন পকী দলং নথকাত স্কুল – কলেজৰ ছাত্ৰ ছাত্ৰী বিপাঙত পৰিছে।প্ৰতিটো নিৰ্বাচনত এইখন দলং ৰাজনৈতিক দলৰ বাবে অকল প্ৰতিশ্ৰুতিৰ ধাৰা হিচাপে ব্যৱহাৰ হয়।

সকলো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিয়ে কিন্তু কোনেও আজিলৈকে সমস্যা সমাধান নকৰিলে । জৰাজীৰ্ণ দলংখনৰ বাবে যমৰ যাতনা ভুগিছে সৰ্বসাধাৰণ ৰাইজ তথা শ শ ছাত্ৰ-ছাত্ৰী।

Exit mobile version