APCC Team Meets Union Minister for Chemicals and Fertilisers Mansukh Mandaviya:নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে প্ৰদেশ কংগ্ৰেছৰ স্মাৰক পত্ৰ প্ৰদান

কেন্দ্ৰীয় ৰসায়ন-সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যক সাক্ষাৎ প্রতিনিধি দলৰ

apcc

APCC Team Meets Union Minister for Chemicals and Fertilisers Mansukh Mandaviya:

নামৰূপ সাৰ কাৰখানা বন্ধ কৰিবলৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যক সাক্ষাৎ কৰে।

এই সাক্ষাৎকালত কৃষি প্ৰধান ৰাজ্য অসমৰ কৃষিখণ্ডৰ বাবে প্ৰয়োজনীয় সাৰৰ চাহিদাৰ যোগান অব্যাহত ৰখাৰ স্বাৰ্থত চৰকাৰৰ নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি উদ্যোগটো সজীৱ কৰি তুলি পূৰ্বতকৈয়ো অধিক সূচাৰুৰূপে চলাই ৰখাৰ দাবী জনাই এখন স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিনিধি দলটোৱে।

এই প্রতিনিধি দলটোত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, লোকসভাৰ সাংসদ গৌৰৱ গগৈ, প্ৰদূৎ বৰদলৈ, আব্দুল খালেক আৰু জাতীয় দল, অসমৰ সাংসদ অজিত কুমাৰ ভূঞা। আটাইকেইগৰাকীয়ে স্বাক্ষৰ কৰা স্মাৰক পত্ৰখনত অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ বাবে প্ৰস্তাৱিত চতুর্থ ইউনিটৰ স্থাসনৰ কামো শীঘ্ৰে আৰম্ভ কৰাকে ধৰি আন একাধিক দাবী উত্থাপন কৰা হৈছে।

স্মাৰক পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ বিভিএফডিএল অসমৰ কৃষি আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়াও উল্লেখ কৰিছে।

নীতি আয়োগৰ দিহামতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ সাৰ কাৰখানাটো বন্ধ কৰিবলৈ যো-জা চলোৱা বিষয়টোত এপিচিচিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰক এনে জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

চৰকাৰৰ তৰফৰ পৰা ভিন্নজনে বিষয়টোক লৈ ভিন্নমত পোষণ কৰাত ৰাজ্যখনৰ জনসাধাৰণ উদ্বিগ্ন হৈ পৰাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত অতিশীঘ্ৰেই বিভাগীয় মন্ত্ৰীগৰাকীক স্থিতি স্পষ্ট কৰি দিবলৈকো স্মাৰক পত্ৰখনৰ জৰিয়তে প্রদেশ কংগ্রেছে দাবী উত্থাপন কৰিছে।

সাৰ কাৰখানাটোৰ প্ৰস্তাৱিত চতুর্থ ইউনিট স্থাপনৰ পিছত সেয়া কাৰ্যক্ষম হৈ উঠিলে ৰাজ্যখনত যথেষ্ট কর্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু নিবনুৱা সমস্যা বহু পৰিমাণে লাঘৱ হৈ পৰিব সেয়াও স্মাৰক পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰিছে। আনহাতে এই ইউনিটটোৰ পৰা উৎপাদিত সাৰে অসমৰ কৃষিখণ্ডৰ বাবে প্ৰয়োজনীয় সাৰৰ চাহিদা পূৰ্ণ কৰাৰ লগতে ৰাজ্যখনৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰিব বুলি বিশেষজ্ঞসকলে কৰি অহা মতামতৰ কথাও স্মাৰক পত্ৰযোগে বিভাগীয় মন্ত্রী মনসুখ মাওব্যক অৱগত কৰিছে প্রদেশ কংগ্ৰেছে।

এনে এটি গুৰুত্বপূৰ্ণ সাৰ কাৰাখানা বন্ধ কৰি দিয়াৰ দৰে হঠকাৰী সিদ্ধান্ত কোনোপধ্যে গ্ৰহণ নকৰিবলৈকো স্মাৰক পত্ৰযোগে চৰকাৰক সকীয়নি প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছে।

Exit mobile version