Guwahati 4 Years Old Girl Rape:মহানগৰীত অমানৱীয় কাণ্ড !

আত্মীয় কিশোৰৰ ধৰ্ষণৰ বলি চাৰি বছৰীয়া কণমানি, চিকিৎসাধীন কণমানি

child Raped

Guwahati 4 Years Old Girl Rape:

মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে জঘন্য ঘটনা ৷ পুনৰ সংঘটিত হৈছে এক অমানৱীয় ঘটনা।

দুই পাষাণ কিশোৰৰ কামনাৰ স্বীকাৰ হ’ল এগৰাকী চাৰি বছৰীয়া কণমানি। এই লজ্জাজনক জঘন্য ঘটনা সংঘটিত হয় উলুবাৰীত ৷

জঘন্য ঘটনা সংঘটিত কৰা চৈধ্য বছৰীয়া দুই কিশোৰক ইতিমধ্যে আটক কৰিছে পল্টনবজাৰ আৰক্ষীয়ে

অমানবীয় কাণ্ড সংঘটিত কৰা দুই কিশোৰ ভুক্তভোগী কণমানি গৰাকীৰ আত্মীয় বুলি জানিব পৰা গৈছে ৷ জঘন্য ঘটনাটি পোহৰলৈ আহে দেওবাৰেহে ৷ ঘটনা সন্দৰ্ভত পল্টন বজাৰ আৰক্ষীয়ে ক্ষীপতাৰে অব্যাহত ৰাখিছে তদন্ত ।

Exit mobile version