BJP Parliamentary Party Meeting:সংসদত বিৰোধী অনাস্থা প্ৰস্তাৱ উদ্থাপন:সংসদ ভৱনত বিজেপিৰ সংসদীয় দলৰ বৈঠক

bjp parliamentory meeting

BJP Parliamentary Party Meeting:

মণিপুৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে মঙলবাৰে সংসদত অনাস্থা প্ৰস্তাৱ দাখিলৰ পাছতে আজি সংসদ ভৱনৰ বিজেপিৰ সংসদীয় ব্লকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক ৷

বৈঠকত চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বৈঠকত আলোচনা কৰাৰ লগতে দলীয় সাংসদক সংসদত উপস্থিত থকাটো বাধ্যতামূলক কৰা হয় ৷ বিৰোধীৰ বিৰুদ্ধে সাজোৰে প্ৰত্যুত্তৰ দিবৰ বাবে কেতবোৰ ৰণকৌশল প্ৰস্তুত কৰে বিজেপিৰ সংসদীয় বৈঠকে ৷

বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ,সংসদীয় বৰ্ডৰ অন্যতম সদস্য সৰ্বানন্দ সোনোৱাল সহ জ্যেষ্ঠ মন্ত্ৰী- সাংসদ উপস্থিত থাকে ৷

উল্লেখ্য যে,বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীয়ে সংসদত দিব নিজৰ ভাষণ ৷

স্মতৰ্ৱ্য যে,অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত মঙলবাৰে দুপৰীয়া বাৰ বজাৰ পৰা তিনিদিন ধৰি হ’ব বিতর্ক ৷ ইতিমধ্যে বিৰোধীয়ে সংসদত দুপৰীয়া উদ্থাপন কৰে অনাস্থা প্ৰস্তাৱ ৷

Exit mobile version