Final List Of Constituency Rescheduling Has Been Published:প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে পূৰ্ণাংগ তালিকা, ১৯টা বিধানসভা সমষ্টিৰ নাম সলনি, দৰং সংসদীয় সমষ্টিৰ নতুন নাম দৰং- ওদালগুৰি

election commission

Final List Of Constituency Rescheduling Has Been Published:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূনাংগ চূড়ান্ত তালিকা

সামগ্ৰিকভাৱে খচৰাৰ কিছু সাল-সলনি কৰা হৈছে ৷ ১৯টা বিধানসভা সমষ্টিৰ নাম সাল-সলনি কৰা হৈছে চূড়ান্ত তালিকাত ।

আনহাতে লোকসভাৰ সমষ্টিৰ ক্ষেত্ৰত আহিছে পৰিৱৰ্তন। চাৰি নং দৰং সংসদীয় সমষ্টিৰ নতুন নাম দৰং-ওদালগুৰি ৷

উল্লেখ্য যে, ভাৰতীয় নিৰ্বাচন আয়োগে আজি জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৮-ক’ত উল্লেখ কৰা অনুসৰি, অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা অনুসৰি চাৰি নং দৰং সংসদীয় সমষ্টিৰ নতুন নাম দৰং- ওদালগুৰি ৷

আনহাতে ১৯টা বিধানসভা সমষ্টিৰ নাম সাল-সলনি কৰাৰ পাছত সমষ্টি কেইটা হ’ল

৯/ মানকাচৰ–বীৰ সিং জৰোৱা
১১/দক্ষিণ শালমৰা– মানকাচৰ
১১৩/ডিমাহাচাও— হাফলং(এছ টি)
১২২/আলগাপুৰ— আলগাপুৰ- কাটলিছেৰা
৮৭/চাবুৱা—চাবুৱা-লাহোৱাল
৮৯/মৰাণ–খোৱাং
১৭/মাণিকপুৰ–সৃজনগ্ৰাম
১২৩/বদৰপুৰ–কৰিমগঞ্জ
২১/ভবানীপুৰ–ভবানীপুৰ-সৰুভোগ
১২৫/দক্ষিণ কৰিমগঞ্জ– পাথৰকান্দি
১২৬/ৰাতাবাৰী– ৰামকৃষ্ণ নগৰ(এছ চি)
৫৫/ বটদ্ৰৱা– ধিং
৬৯/চতিয়া– নদুৱাৰ
২৮/বকো– বকো-ছয়গাঁও(এছ টি)
৩০/হাজো– হাজো- শুৱালকুছি(এচ চি)
৬০/নগাঁও– নগাঁও-বটদ্ৰৱা
১২৪/উত্তৰ কৰিমগঞ্জ–দক্ষিণ কৰিমগঞ্জ
২৫/ৰূপসী–পকাবেতবাৰী
৪১/গোৱৰ্ধনা–মানস

Exit mobile version