Assam Police BMI Test:আজি ৰাজ্যজুৰি পেটুৱা আৰক্ষী বিষয়া-জোৱানৰ বি এম আই টেষ্ট

জিলাই জিলাই অব্যাহত আৰক্ষীৰ বিশেষ টেষ্ট, কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়েনত বিএম আই পৰীক্ষাত অৱতীৰ্ণ হ'ল স্বয়ং ডিজিপি জি পি সিং

bmi test 1

Assam Police BMI Test:

আজিৰ পৰা ৰাজ্যজুৰি অসম আৰক্ষীৰ পেটুৱা আৰক্ষী বিষয়া-জোৱানৰ বি এম আই টেষ্ট আৰম্ভ হৈছে । প্রতিখন জিলা সদৰত ইতিমধ্যে টেষ্টৰ ব্যৱস্থা কৰিছে আৰক্ষী হেডকোৱাৰ্টাৰে।

মহানগৰীৰ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদতো অনুষ্ঠিত হৈছে বি এম আই টেষ্ট।

উল্লেখ্য যে,এই বি এম আই পৰীক্ষাৰ সন্মুখীন হ’ব ৰাজ্যৰ প্ৰতিজন কনিষ্ঠবলৰ আৰক্ষী সহ উচ্চপদস্থ আৰক্ষী আৰু তলৰ পৰ্যায়ৰ বিষয়া সকলো ৷

অসম আৰক্ষীৰ উলুবাৰীস্থ হেডকোৱাৰ্টাৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত বুধবাৰে প্ৰথম পৰ্যায়ত ২০০ কনিষ্ঠবল সহ বিষয়াই বি এম আই পৰীক্ষাৰ সন্মুখীন হ’ব।

উল্লেখ্য যে, এই পৰীক্ষাৰ বাবে দৈহিক গঠন তথা ওজনৰ ওপৰত ভিত্তি কৰি নীতি নিৰ্ধাৰণ কৰা হৈছে।কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়েনত বুধবাৰে বি এম আই পৰীক্ষাত অৱতীৰ্ণ হ’ল স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে

অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে আজি আৰক্ষী বিষয়া-জোৱানসকলৰ BMI পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। পোন প্ৰথমে তেওঁ নিজৰ বডী মাচ ইনডেক্স পৰীক্ষা কৰোৱায়। এই টেষ্টত সিঙৰ বি এম আই ২৫ ওলাইছে আৰু শৰীৰৰ ওজন ৭৫ কিলোগ্ৰামৰ বিপৰীতে উচ্চতা ১৭২.৮ চেণ্টি মিটাৰ। তেওঁ সম্পূৰ্ণ ফিট বুলি পৰীক্ষাৰ ৰিপৰ্টত প্ৰকাশ পায়।

আনহাতে বিএম আই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে সাংবাদিকৰে হোৱাৰ বাৰ্তালাপত ডিপিপি সিঙে কয়| মেদ কমাবলৈ সকলো আৰক্ষীক কিছু টিপছ দিয়ে। মেদবহুল সকলি দৈনিক ৬-৭ কিঃমিঃ খোজ কঢ়াৰ লগতে দৈনিক খাদ্য খাওতে পৰাপক্ষত তেল, চেনী, নিমখ কম থকা খাদ্য খোৱাৰ পৰামৰ্শ আগবঢ়াইছে ৷ আনহাতে কৰ্তব্যস্থলীলৈ আহোতে সকলো আৰক্ষীকে লগত টিফিন লৈ অনাৰ পৰামৰ্শ আগবঢ়াই৷ ইয়াৰোপৰি চিংৰা, মিঠাই আদি খোৱাটো পাৰিলে কমাই দিব লাগে ৷

উল্লেখযোগ্য,ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ঘোষণা কৰি উল্লেখ কৰিছিল যে,শীৰ্ঘেই অসম আৰক্ষীত নাথাকিব পেটুৱা পুলিচ ।

পেট কমাব নোৱাৰা আৰক্ষী কনিষ্ঠবল- বিষয়াসকলক বাধ্যতামূলক চাকৰি এৰিব লাগিব ।

আনহাতে মুখ্যমন্ত্ৰীৰ ঘোষণা কৰাৰ পাছতে অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙেও সকলো আৰক্ষীকে নিয়মমাফিক শাৰীৰিক ব্যায়াম কৰিবলৈ আহ্বান জনাইছিল ৷

আনকি ডি জিপি প্ৰধানগৰাকীয়ে টুইটাৰৰ জৰিয়তে অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানে বিভাগীয় বি এম আই পৰীক্ষাত যে অৱতীৰ্ণ হ’ব লাগিব সেয়াও স্পষ্ট কৰি দিছিল ৷

অৱশেষত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বুধবাৰে অসম আৰক্ষীৰ বিষয়া-জোৱানে বি এম আই পৰীক্ষাৰ সন্মুখীন হয় ।

মনকৰিবলগীয়া যে ইয়াৰ পিছতেই ৰাজ্যৰ ৩৫টা স্থানত আৰম্ভ হ’ব এই শাৰীৰিক সক্ৰিয়তাৰ মাপকাঠিৰ পৰীক্ষা ৷ এই পৰীক্ষাই নিৰ্ধাৰণ কৰিব পেটুৱা আৰক্ষীৰ চাকৰি নিশ্চিয়তা ৷

Exit mobile version