Boko Accident:বকোত মেঘালয় বিধায়কৰ কনভয়ৰ খুন্দাত শিশুৰ মৃত্যু

child dead

Boko Accident:

কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী মেঘালয়ৰ বিধায়কৰ কনভয়ৰ খুন্দাত থিতাতে নিহত হয় এটি ছয় বছৰীয়া শিশু। থিতাতে নিহত ছয় বছৰীয়া শিশুটিৰ নাম চাহিদা খাতুন ।

উল্লেখযোগ্য যে, কালি গোৱালপাৰা জিলাৰ ধূপধৰাৰ চিমলাবাৰী পৰা বকোৰ বন্দাপাৰাত মোমায়েকৰ ঘৰত নিহত চাহিদা খাতুনসহ পিতৃ- মাতৃ ফুৰিবলৈ আহিছিল বুলি কান্দি কান্দি মোমায়েক ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰৰ পৰা শ্বিলং অভিমুখে বাজেংডোবা সমষ্টিৰ বিধায়ক পোংচেং আৰ মাৰাক সহ কনভয় গৈ থকা অৱস্থাত বকো বন্দাপাৰাত তীব্ৰবেগীএম এল ০৫-এন১২৫১ নম্বৰৰ কনভয় বাহনৰ খুন্দাত থিতাতে নিহত হৈ শিশুটি।

দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা উধাও হৈ বিধায়ক সহ কনভয় বাহনখন। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি উধাও হোৱা নম্বৰবিহীন ফৰচোনাৰ বাহনসহ বিধায়ক আৰু কনভয় বাহনসহ সুৰক্ষাকৰ্মীক বকো আৰক্ষীৰ তৎপৰতাত বকো আৰক্ষী থানাৰ সন্মূখত আৰক্ষীৰ জিন্মালৈ আনিবলৈ সক্ষম হয়।

Exit mobile version