Rhino Carcass Found In Manas National Park:মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটা গঁড়ৰ মৃত্যু

অক্ষত অৱস্থাত উদ্ধাৰ গঁড়টোৰ খৰ্গ, নখ, দাঁত, প্ৰাকৃতিকভাৱেই গঁড়টোৰ মৃত্যু হোৱা বুলি সদৰি বনবিভাগৰ অগ্ৰদূত বাৰ্তা,শালবাৰী,১৯ আগষ্টঃ

manas

Rhino Carcass Found In Manas National Park:

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটি গঁড়ৰ মৃত্যুৰ ঘটনা আজি পোহৰলৈ আহিছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জত মৃত্যু হোৱা মতা গঁড়টোৰ মৃতদেহ আজি উদ্ধাৰ হৈছে, লগতে বন বিভাগে গঁড়টোৰ খৰ্গটোৰ উপৰি নখ,দাঁত আদিও সংগ্ৰহ কৰিছে মৃতদেহটোৰ পৰা ৷

মানাহৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে জনোৱা অনুসৰি ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ বন শিৱিৰৰ পৰা নাতিদূৰৈৰ এক স্থানত আজি পুৱা প্ৰায় ৭-৩০ বজাত হাতীৰে যোৱা তহলদাৰী বনৰক্ষীৰ দৰে প্ৰত্যক্ষ কৰে গঁড়টোৰ অৰ্ধগলিত মৃতদেহ ৷

তাৰ পাছতে বিটিচিৰ বন বিভাগৰ চি এইচ ডি সুমন মহাপাত্ৰ, মানাহৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰ, বিভাগীয় পশু চিকিৎসক প্ৰভাত বসুমতাৰী সহিতে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷

সেই অনুসৰি পাঁচদিনমান পূৰ্বেই গঁড়টোৰ স্বাভাৱিক মৃত্যু হোৱা বুলি সদৰি কৰে মানাহৰ ক্ষেত্ৰ সঞ্চালক আৰু বন বিভাগৰ চি এইচ ডি গৰাকীয়ে৷ লগতে গঁড়টোৰ খৰ্গ, আটাইকেইটা নখ, দাঁত আদিও অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি কৈ সেয়া সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে ৷

উল্লেখযোগ্য যে মৃত গঁড়টো ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৮ নং মতা গঁড় বুলি জানিব পৰা গৈছে ৷ গঁড়টো  ২০০৯ চনতে কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ পৰা মানাহলৈ স্থানান্তৰ কৰা হৈছিল ৷ উদ্ধাৰ হোৱা মৃত গঁড়টোৰ খৰ্গটো ইয়াৰ পাচতে কোষাগাৰলৈ প্ৰেৰণ কৰিব বুলিও জনায় মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Exit mobile version