Water Pipeline Bursts In Mumbai :মুম্বাইৰ অন্ধেৰীত মুম্বাই নগৰ নিগমৰ পানীৰ পাইপ বিস্ফোৰণ

আঠ মহলা ওপৰলৈ পানীৰ ঢৌ, হাহাকাৰময় পৰিস্থিতি

mumbai 1

Water Pipeline Bursts In Mumbai :

মায়ানগৰী মুম্বাইত অঘটন ৷ মহাৰাষ্ট্ৰৰ ৰাজধানী চহৰ খনৰ আন্ধেৰিত মুম্বাই নগৰ নিগমৰ পানীৰ পাইপ বিস্ফোৰণ

আন্ধেৰিৰ আদৰ্শ নগৰ পথৰ টুইংকল এপাৰ্টমেণ্টৰ সন্মুখত থকা বিএম চিৰ বৃহাদাকাৰ পানী যোগানৰ পাইপ বিস্ফোৰিত হয় ফলত পানীৰ ঢৌ এপাৰ্টমেণ্টৰ আঠ মহলাৰ ওপৰলৈ উঠে ৷ সমগ্ৰ অঞ্চলটোত  এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

অৱশ্যে পাছত বিএম চিৰ পানীৰ যোগান বিভাগৰ লোক উপস্থিত হৈ বহু চেষ্টাৰ অন্তত পাইপ মেৰামতি কৰি বন্ধ কৰে ৷

উল্লেখ্য যে,গুৱাহাটী মহানগৰীৰ য’তে ত’তে জাইকাই বঢোৱা পানীৰ পাইপ বিস্ফোৰিত হৈ ইতিমধ্যে বহু ক্ষয়ক্ষতি হোৱাৰ লগতে খাৰঘুলিৰ জয়পুৰত মৃত্যু হৈছিল এগৰাকী বৃদ্ধাৰ ৷

Exit mobile version